কণ্ঠশিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ। কণ্ঠশিল্পীগৰাকীয়ে অৱশেষত নিশ্চিত কৰিছে যে, তেওঁ এনআৰআই প্ৰেমিক গৌতম হাথীৰামণিৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব। লণ্ডনত তেওঁলোকৰ প্ৰী-ৱেডিং অনুষ্ঠানৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
প্ৰতিখন ফটোতে গৌতমৰ সৈতে আকৰ্ষণীয় ৰূপত ফটোত পোজ দিছে কণিকাই। কণিকাই মেহেন্দী চেলিব্ৰেশ্যনৰ ফটো শ্বেয়াৰ কৰি ছচিয়েল মিডিয়াত হ'বলগীয়া স্বামীক উদ্দেশ্যি লিখিছে- মই তোমাক বহুত ভালপাও।
উল্লেখ্য যে, ১৯৯৮ চনত ব্যৱসায়ী ৰাজ চান্দোকৰ সৈতে প্ৰথমবাৰলৈ বিবাহপাশত আবদ্ধ হৈছিল কাণিকা কাপুৰ। বিয়াৰ পাছত লণ্ডনলৈ স্থানান্তৰিত হয় কণিকা। বৰ্তমান কণিকাৰ আছে তিনিটা সন্তান।অৱশ্যে ২০১২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|