দীপলিনা ডেকা বৰ্তমান সময়ৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ মাজৰ এগৰাকী। দীপলিনাৰ বহু গীত ইতিমধ্যে জনপ্ৰিয়তাৰ শিখৰ চুইছে। যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় দীপলিনা ডেকা। ছচিয়েল মিডিয়াতো আছে দীপলিনাৰ বহু অনুৰাগী। দীপলিনাই কোনো পোষ্ট কৰিলেই সেয়া ভাইৰেল হৈ পৰে। কিন্তু অনুৰাগীসকলৰ মনত যেন এটা প্ৰশ্নই সদাই খুন্দিয়াই থাকে, সেয়া হ’ল – দীপলিনাৰ ‘ক্ৰাছ’ কোন?
এই প্ৰশ্নৰ উত্তৰ দিলে খোদ দীপলিনাই। বিশ্বনাথ মহাবিদ্যালয়ৰ ‘আবেলিৰ আড্ডা ২.০’ নামৰ এক অনুষ্ঠানত দীপলিনাই দিলে ইয়াৰ উত্তৰ। অনুষ্ঠানটোত এক প্ৰশ্নৰ উত্তৰত দীপলিনাই কয়, ‘ক্ৰাছ’ বোলা বস্তুটো খুব ক্ষণস্থায়ী। মোৰ ক্ৰাছ শব্দটো বৰ বেছি ভাল নালাগে।’’
কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘ক্ৰাছ শব্দটোৱে মোক বৰ বেছি আকৰ্ষণ নকৰে। ক্ৰাছ ক্ষণস্থায়ী, মই স্থায়ী বস্তু ভাল পাওঁ। সেইকাৰণে ব্যক্তিগতভাৱে মোৰ কোনো ক্ৰাছ হোৱা নাই আজিলৈকে। যাক ভাল লাগে সদায়ৰ কাৰণে ভাল লাগে।’
উল্লেখযোগ্য যে অনুষ্ঠানত নিজৰ সুন্দৰ কণ্ঠৰে উপস্থিতসকলক আপ্লুত কৰে গায়িকাগৰাকীয়ে। কেইবাটাও জনপ্ৰিয় গীতেৰে উপস্থিত ছাত্ৰ–ছাত্ৰীসকলক মন্ত্ৰমুগ্ধ কৰিলে দীপলিনাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|