• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sidharth Malhotra, Kiara Advani: শ্বেৰশ্বাহৰ পিছত এইবাৰ এখন ৰোমাণ্টিক ছবিৰ বাবে সাজু হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰা- ৰিপোৰ্ট

Sidharth Malhotra, Kiara Advani: শ্বেৰশ্বাহৰ পিছত এইবাৰ এখন ৰোমাণ্টিক ছবিৰ বাবে সাজু হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰা- ৰিপোৰ্ট

Sidharth Malhotra, Kiara Advani: এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও  এতিয়াও চহী কৰা নাই।”

  • Share this:
শ্বেৰশ্বাহত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী (Sidharth Malhotra, Kiara Advani)ৰ যুটিক সকলোৱে আদৰি লৈছিল আৰু এতিয়া যদি ওলাই থকা খবৰবোৰ বিশ্বাস কৰিব পাৰি তেন্তে অভিনেতাদুগৰাকী পুনৰ একলগে দেখা যাব আন এখন নতুন ছবিত।  দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। যদিও এজনেও একো নিশ্চিত বা অস্বীকাৰ কৰা নাই, অনুৰাগীসকলে দুয়োজনৰ সম্পৰ্কৰ বাতৰিৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰে। কিছুদিন আগতে তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছে বুলিও খবৰ ওলাইছিল, অৱশ্যে তেওঁলোকৰ শেহতীয়া পাৰস্পৰিক ক্ৰিয়া-কলাপে সেই উৰাবাতৰিবোৰৰ অন্ত পেলোৱা যেন লাগিছে।

ইফালে, IndiaToday.in ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁলোকে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে। এক সূত্ৰৰ মতে, “সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra) আৰু কিয়াৰা আদৱানী (Kiara Advani)য়ে এখন ৰোমান্টিক ছবিৰ বাবে আলোচনাত মিলিত হৈছে য’ত দুয়োকে একেলগে দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ দুয়োজনে চিত্ৰনাট্যখন ভাল পাইছে যদিও  এতিয়াও চহী কৰা নাই।”

ইফালে, দুদিনমান আগতে সিদ্ধাৰ্থ আৰু কিয়াৰাক বান্দ্ৰাৰ একেটা বাসগৃহতে প্ৰৱেশ কৰাৰ সময়ত ক্লিক কৰা হৈছিল আৰু অনুৰাগীসকলে এতিয়া নিশ্চিত যে তেওঁলোকৰ প্ৰিয় তাৰকাদুজনৰ মাজত সকলো ঠিকেই আছে। বলীউডৰ পাপাৰাজ’ ভাৰিন্দৰ চাওলাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে অভিনেতা দুজনে একেটা অট্টালিকাত প্ৰৱেশ কৰিছে যদিও বেলেগ বেলেগ গাড়ীত আহিছে।

কিয়াৰাৰ Jugjugg Jeeyo ছবিখনৰ সহ অভিনেতা বৰুণ ধাৱানেও প্ৰকাশ কৰে যে অভিনেত্ৰীগৰাকীৰ ফোনত স্পীড ডায়েলৰ কণ্টেক্টত সিদ্ধাৰ্থ আছে। পিংকভিলাৰ সৈতে হোৱা এক বাৰ্তালাপত বৰুণক সাক্ষাৎকাৰ লোৱাজনে ফোনত কিয়াৰাৰ স্পীড ডায়েলত থকা ব্যক্তিজনৰ নাম ক’বলৈ কয়। ইয়াৰ বাবে বৰুণে এক মুহূৰ্তও চিন্তা নকৰাকৈ কিয়াৰাৰ অনুমতি বিচাৰি ব’ৰ্ডত সিদ্ধাৰ্থৰ নাম লিখি দিয়ে। বৰুণৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কবীৰ সিঙৰ অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মেনেজাৰো তেওঁৰ স্পীড ডায়েল লিষ্টত আছে। তাই হাঁহিলে যদিও তালিকাত সিদ্ধাৰ্থৰ নাম থকাটোও স্বীকাৰ কৰিলে।
Published by:Manjumoni Borah
First published: