• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kiara Advani Sidharth Malhotra Love Story : নতুন বছৰতে প্ৰেমৰ কথা ৰাজহুৱা কৰিব নেকি কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই, অনুৰাগীয়ে পাব পাৰে ভাল খবৰ...

Kiara Advani Sidharth Malhotra Love Story : নতুন বছৰতে প্ৰেমৰ কথা ৰাজহুৱা কৰিব নেকি কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই, অনুৰাগীয়ে পাব পাৰে ভাল খবৰ...

কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা

কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা

Kiara Advani Sidharth Malhotra Love Story : মঙলবাৰে কিয়াৰাই সিদ্ধাৰ্থৰ বান্দ্ৰাৰ ঘৰৰ পৰা ওলাই অহাৰ ফটো ভাইৰেল হোৱাৰ পিছৰ পৰা কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথাটো অধিক চৰ্চিত হৈ পৰিছে।

  • Share this:
কিয়াৰা আদৱানী (Kiara Advani) আৰু সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra)ৰ লাভ ষ্টোৰীৰ গুজৱে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।  এই বছৰৰ আৰম্ভণিতেই দুয়োজনে একেলগে মালদ্বীপলৈ ফুৰিবলৈ যোৱাৰ পিছৰ পৰাই দুয়োৰে প্ৰেমকাহিনীক লৈ তুমুল চৰ্চা ছলি আছে। সকলোৱে ভাবিছিল তেওঁলোকে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিব! শেহতীয়াকৈ শ্বেৰশ্বাহ (Shershaah)তো দুয়োৰে দুৰ্দান্ত কেমেষ্ট্ৰী আছিল যিয়ে এই অনুমানক অধিক মজবুট কৰিছিল। কিন্তু  শ্বেৰশ্বাহ ঈৰ্ষণীয় সফলতাৰ পিছতো কিয়াৰা আৰু সিদ্ধাৰ্থই নিজৰ সম্পৰ্কৰ বিষয়ে একো ৰাজহুৱা নকৰিলে।

শেহতীয়াকৈ BollywoodLife.comত প্ৰকাশিত এটা বাতৰি মতে কিয়াৰা আৰু সিদ্ধাৰ্থই প্ৰেমৰ কথা ৰাজহুৱা কৰিবলৈ ব্যাকুল হৈ আছে। যদিও দুয়োজনৰ প্ৰেম এতিয়াও নতুন নতুন হৈয়েই আছে তথাপি দুয়োজনে কেটৰিনা কাইফ আৰু বিকি কৌশল (Katrina Kaif and Vicky Kaushal)ৰ দৰে সকলোকে আচৰিত কৰি হিবও পাৰে বুলি বাতৰিটোত প্ৰকাশ পাইছে। অৱশ্যে এতিয়াই বিয়াৰ পৰিকল্পনা নিশ্চয় কৰা নাই যদিও খবৰ মতে দুয়োৰে পৰিয়ালত ইজনে সিজনক চিনাকী কৰোৱাই দিছে!


এই কথা অধিক চৰ্চিত হৈছে মঙলবাৰে কিয়াৰাই সিদ্ধাৰ্থৰ বান্দ্ৰাৰ ঘৰৰ পৰা ওলাই অহাৰ ফটো ভাইৰেল হোৱাৰ পিছৰ পৰা। সাংবাদিকৰ কেমেৰাত কিয়াৰা বন্দী হোৱাৰ পিছত দুয়োজনৰ মাজত সম্পৰ্ক থকাৰ কথাটো প্ৰায় খাটাং হৈ পৰিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে এটা সাক্ষাৎকাৰত কিয়াৰা আৰু সিদ্ধাৰ্থই এটা প্ৰেম কাহিনীক লৈ অচিৰেই এখন চিনেমাত একেলগে কাম কৰা দেখা পাব বুলি মন্তব্য কৰিছিল।  কিন্তু দুয়োৰে প্ৰেমৰ সম্পৰ্কক লৈ এতিয়ালৈ কোনো এজনেও কোনো মন্তব্য কৰা নাই।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি