ক্ৰিকেটাৰ শুভমন গীল (Shubhman Gill) বৰ্তমান অধিক চৰ্চাত আছে। কেতিয়াবা যদি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ, কেতিয়াবা ছেইফ আলী খানৰ কন্যা আৰু বলীউদৰ অভিনেত্ৰী ছাৰা আলী খানৰ সৈতে ডেটিঙৰ চৰ্চাক লৈ শুভমন গীল চৰ্চাৰ তুংগত। ছচিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত মানুহে ক্ৰিকেটাৰ পথাৰত শুভমন গীলক দেখি ‘ছাৰা... ছাৰা’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিছিল। মানুহে বুজা নাছিল আচলতে শুভমন গীলে ছাৰা আলী খানৰ সৈতে ডেট কৰি আছে নে ছাৰা তেণ্ডুলকাৰৰ সৈতে। কিন্তু এইবোৰৰ মাজতে তেওঁৰ নাম পঞ্জাবী অভিনেত্ৰী ছোনম বাজৱাৰ সৈতে জড়িত হৈছে। ছচিয়েল মিডিয়াত দুয়োৰে এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিনেত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কেৱল এয়াই নহয়, নিজৰ প্ৰতিক্ৰিয়াৰ লগতে ছোনম বাজৱাই শুভমন আৰু ছাৰাৰ ডেটিঙৰ উৰাবাতৰিক ইন্ধন যোগাইছে। তেওঁ এটা টুইট কৰিছে, য’ত তেওঁ ‘ছাৰা’ৰ নাম লৈ আলোড়নৰ সৃষ্টি কৰিছে। বিশেষ কথাটো হ’ল ছোনমৰ এই টুইটটো তেওঁৰ আৰু শুভমন গীলৰ এটা ভিডিঅ’ৰ সৈতে জড়িত। আচলতে শুভমনৰ সৈতে ছোনম বাজৱাৰ এটা ভিডিঅ’ টুইটাৰত ভাইৰেল হৈ আছে। য’ত দুয়োকে হেণ্ডশ্বেক কৰা দেখা যায়। ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত ব্যৱহাৰকাৰীসকলে বহু ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কোনোৱে দুয়োৰে বন্ধুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিলে আৰু কোনোৱে ডেটিঙৰ কথা উল্লেখ কৰিছে। যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাঞ্জাবী অভিনেত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে তেওঁৰ আৰু শুভমনৰ কোনো সম্পৰ্ক নাই, বৰঞ্চ তেওঁলোকৰ সম্পৰ্ক ছাৰাৰ সৈতে। অৱশ্যে এই ছাৰা কোন সেই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ছাচপেন্স ৰাখিছে। ভিডিঅ’টো ৰিটুইট কৰি ছোনমে লিখিছে- ‘য়েহ চাৰা কা ছাৰা ঝুঠ হ্যেয়।’ ইয়াৰ সমান্তৰালকৈ ছোনমে দিছে হাঁহিৰ ইমোজি।
ছোনমৰ এই টুইট দেখি শুভমনৰ অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে অভিনেতাগৰাকীয়ে ছাৰাৰ লগত ডেটিং কৰিছে। একাংশই ছাৰা নামেৰে ছাৰা তেণ্ডুলকাৰক ইংগিত কৰাৰ বিপৰীতে কোনোবাই ছাৰা আলী খানক ইংগিত দিছে। আচলতে ছাৰা আলী খানৰ সৈতে শুভমনক বহুবাৰ দেখা গৈছে। ছাৰাৰ লগত তেওঁৰ বন্ধুত্বৰ বিষয়েও চৰ্চা হৈছে। এনে পৰিস্থিতিত ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে শুভমনে কাক ডেটিং কৰিছে তাক লৈ বিমোৰত পৰিছে। ইফালে ছোনম বাজৱাৰ এই টুইটে অনুৰাগীৰ মাজত অধিক আলোড়নৰ সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|