কাষৰ টেবুলত আছিল সজ্জিত সুৰাৰ বটল, চাৰিওফালে সন্ধিয়াৰ ৰং। সন্মুখত ভৰিৰ ওপৰত ভৰি তুলি বহি আছিল অভিনেত্ৰী আছু ৰেড্ডী। চুটি হালধীয়া ৰঙৰ পোছাক পিন্ধি। উন্মুক্ত ভৰিৰ সন্মুখত টাইলছৰ মজিয়াত বহি আছে প্ৰখ্যাত পৰিচালক ৰামগোপাল বাৰ্মা। কথা পাতি থাকোঁতে বিমোৰত পৰা পৰিচালকে এটা সময়ত অভিনেত্ৰীগৰাকীৰ সোঁ ভৰিত চুমা খাবলৈ ধৰে। তাৰ পিছত ভৰিৰ আঙুলিবোৰ মুখত ভৰাই দিয়ে।
হয়, এই ভিডিঅ’টো এতিয়া নেট জগতত ভাইৰেল। অভিনেত্ৰীগৰাকীৰ ভৰিত চুমা খোৱা ছবিখন প্ৰথমে পোষ্ট কৰিছিল খোদ ৰামগোপাল বাৰ্মাই। পিছত পৰিচালকে সমগ্ৰ ভিডিঅ’টোৰ ইউটিউব লিংকটো শ্বেয়াৰ কৰে, য’ত দেখা যায় আগন্তুক ছবি ‘ডেঞ্জাৰাছ’ মুক্তিৰ পূৰ্বে আশুৱে সাক্ষাৎকাৰ দিছে। ভিডিঅ’টোৰ শেষত ৰামগোপালে অভিনেত্ৰীগৰাকীৰ ওচৰত পদলেহন কৰে। তাৰ পিছতে ছ'চিয়েল মিডিয়াত হুলস্থুল।
"ৰামগোপালৰ জ্ঞান হেৰাই গৈছে? নে বিতৰ্কিত কোনো কাম নকৰিলে শিৰোনামালৈ আহিব নোৱাৰিব বুলি এই সকলোবোৰ কৰিছে?”- এনে মন্তব্যও আহিছে সামাজিক মাধ্যমত।
— Ramzan Malik 307 (@LIZAMAL97929137) December 7, 2022
বহুতে ভাবে যে ‘ডেঞ্জাৰাছ’ক জনপ্ৰিয় কৰিবলৈ এনেদৰে লাইমলাইটলৈ অনাৰ চেষ্টা কৰিছে। উল্লেখ্য, দুগৰাকী মহিলাৰ সমলৈংগিক প্ৰেম উদযাপনৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে ‘ডেঞ্জাৰাছ’। চলিত বৰ্ষৰ মে' মাহত মুক্তি পোৱাৰ কথা আছিল যদিও ৯ ডিচেম্বৰত মুক্তি পাব ৰামগোপালৰ পৰিচালনাত দেশৰ প্ৰথমখন সমকামী অপৰাধমূলক ছবি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|