মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »‘মই তেনে কামত জড়িত নহয়...’ – সংবাদ মাধ্যমত নিজকে নিৰ্দোষী বুলি দাবী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ

‘মই তেনে কামত জড়িত নহয়...’ – সংবাদ মাধ্যমত নিজকে নিৰ্দোষী বুলি দাবী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ

পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ৰাজক গ্ৰেপ্তাৰ কৰিছিল। যাৰ পিছত তেওঁক ২ মাহৰ বাবে কাৰাবাসো দিয়া হৈছিল।

পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ৰাজক গ্ৰেপ্তাৰ কৰিছিল। যাৰ পিছত তেওঁক ২ মাহৰ বাবে কাৰাবাসো দিয়া হৈছিল।

পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ৰাজক গ্ৰেপ্তাৰ কৰিছিল। যাৰ পিছত তেওঁক ২ মাহৰ বাবে কাৰাবাসো দিয়া হৈছিল।

  • Share this:
অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাই সকলো অভিযোগৰ পৰা মুক্ত হ'বলৈ আদালতত আবেদন জনাইছে। দৰাচলতে, ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যোৱা বছৰ পৰ্ণ’গ্ৰাফী উদ্যোগ চলাই থকাৰ অভিযোগ উঠিছিল, যাৰ অধীনত জুলাইত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। যদিও তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই। ৰাজে মুম্বাই সত্ৰ আদালতত এখন আবেদন দাখিল কৰি দাবী কৰিছে যে পৰ্ণ’গ্ৰাফীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। লগতে, আদালতত তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই, সেয়েহে তেওঁক এই গোচৰৰ পৰা মুক্তি দিয়া উচিত।

পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ৰাজক গ্ৰেপ্তাৰ কৰিছিল। যাৰ পিছত তেওঁক ২ মাহৰ বাবে কাৰাবাসো দিয়া হৈছিল। দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ বাবে ৰাজক ছেপ্টেম্বৰত মুম্বাই সত্ৰ আদালতত জামিন দিয়া হৈছিল। ৰাজক এতিয়ালৈকে দোষী সাব্যস্ত কৰা হোৱা নাই, সেয়েহে ৰাজে কয় যে তেওঁক এই গোচৰৰ পৰা মুক্তি দিয়া উচিত।

ব্যক্তিগত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজে কয়, "মই কেতিয়াও পৰ্ণগ্ৰাফী নিৰ্মাণ বা বিতৰণৰ সৈতে জড়িত হোৱা নাই। মই অনুভৱ কৰোঁ যে মোক বিষয়টোলৈ টানি নিয়াৰ চেষ্টা কৰা হৈছে। মই সকলো ধৰণৰ পৰীক্ষণৰ বাবে সাজু, আইন-শৃংখলাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

শেহতীয়া বাতৰি