India’s Got Talent: জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ক বৰ্তমান 'ইণ্ডিয়াজ গট টেলেণ্ট' নামৰ ৰিয়েলিটি শ্ব'ত এজন বিচাৰকৰ ভূমিকাত থকা দেখা গৈছে। এই শ্ব'টোৰ পৰা, শিল্পাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত বহু ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে। শিল্পাই পুনৰএবাৰ এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে। এই ক্লিপটোত, শিল্পাক অনুষ্ঠানটোৰ আনজন বিচাৰক বাদশ্বাহ আৰু অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে উপস্থিত থকা ফিল্ম নিৰ্দেশক ৰোহিত চেট্টী (Rohit Shetty)ৰ সৈতে দেখা গৈছে ।
এই ভিডিঅ'টোত ৰোহিত চেট্টীক বাদশ্বাহৰ সৈতে কথা পতাত ব্যস্ত থকা দেখা গৈছে, আনহাতে পিছফালৰ পৰা শিল্পা চেট্টীয়ে ৰোহিত-ৰোহিত বুলি মাতি আছে, কিন্তু ৰোহিতে তেতিয়া বাদশ্বাহৰ সৈতে কথা পতাতে ব্যস্ত আছে। শিল্পাই বাৰে বাৰে ৰোহিত চেট্টীকমাতি থকা স্বত্বেও, ৰোহিতে তেওঁক হাত দেখুৱাই কিবা এটা ইংগিত দিছে, যিয়ে স্পষ্ট কৰে যে তেওঁ শিল্পাক অপেক্ষা কৰিবলৈ ক'বলৈ চেষ্টা কৰি আছে,। ঠিক তেতিয়াই শিল্পাই জোৰেৰে কৈছিল - 'আতা মাঝি ছটক লি' আৰু তাৰ পিছত ৰোহিতৰ হাতত এটা কাঁচৰ বটল মাৰি দিয়ে আৰু চিঞৰে - 'পিকটাৰ দোু মুঝে'।
ইয়াৰ পিছত, ৰোহিতে কয় - 'পাগল নেকি?', এনেতে, শিল্পাই ডাঙৰ ডাঙৰকৈ গান গাবলৈ আৰম্ভ কৰে - পাগল হে...পাগল হে। . অনুৰাগীসকলে শিল্পাৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত খুব লাইক আৰু কমেণ্ট কৰিছে। পাঁচ ঘণ্টাৰ আগতে, শিল্পাই এই ভিডিঅ'টো তেওঁৰ ইনষ্টাত শ্বেয়াৰ কৰিছিল, যাক এতিয়ালৈকে 2 লাখতকৈও অধিক বাৰ চোৱা হৈছে। ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
শিল্পা চেট্টীয়ে মঙলবাৰে তেওঁৰ নতুন ছবি 'সুখী'ৰ বিষয়ে ঘোষণা কৰিছে। তেওঁ বহুদিন ধৰি চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি আছিল। শিল্পাই পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, "অলপ সাহসেৰে, মোৰ জীৱন এখন মুকলি কিতাপ, পৃথিৱীয়ে লাজ দিলে কি হ'ব , মোৰ সপোন আনতকৈ কম নহয়।" আজি পঞ্জাৱত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছে। ছবিখন ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, বিক্ৰম মালহোত্ৰা আৰু শিখা শৰ্মাই প্ৰযোজনা কৰিছে। একে সময়তে, সোনল যোশীয়েও এই ছবিখনৰ জৰিয়তে ছবি পৰিচালনাত আত্মপ্ৰকাশ কৰিবলৈ লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|