মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Shilpa Shetty, Raj Kundra: পৰ্ণ সম্ৰাট ৰাজ কুন্দ্ৰাক লৈ শিল্পা ছেট্টীক তুলাধুনা শ্বাৰ্লিন চোপ্ৰাৰ-পতিদেৱৰ কুকৰ্মত মেমচাহাবৰ অলপো নাই আক্ষেপ!

Shilpa Shetty, Raj Kundra: পৰ্ণ সম্ৰাট ৰাজ কুন্দ্ৰাক লৈ শিল্পা ছেট্টীক তুলাধুনা শ্বাৰ্লিন চোপ্ৰাৰ-পতিদেৱৰ কুকৰ্মত মেমচাহাবৰ অলপো নাই আক্ষেপ!

photo News18

"আপুনিতো কৈ থাকে আপোনাৰ জীৱন দৰ্শনৰ কথা-“As a celebrity, you should never complain & never explain!” কি আচৰিত দৰ্শন!!! সাষ্টাংগে দণ্ডৱত প্ৰণাম দিবই লাগিব!" শিল্পাক শ্বাৰ্লিনৰ আক্ৰমণ

  • Share this:
পৰ্ণগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হৈ দুমাহ পিছত জামিন লাভ  কৰিলেও ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ কৰ্ম-কাণ্ডৰ বাবে বাৰম্বাৰ বিভিন্নজনৰ আক্ৰমণৰ চিকাৰ হৈ আহিছে পত্নী অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty) । শিল্পাক আক্ৰমণ কৰাসকলৰ ভিতৰত প্ৰধান হৈছে অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰা (Sherlyn Chopra) । শ্বাৰ্লিন চোপ্ৰাই আকৌ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লেছে শিল্পাক।

মঙলবাৰে পুনৰ শিল্পাক আক্ৰমণৰ লক্ষ্। কৰি লৈ শ্বাৰ্লিন চোপ্ৰাই টুইটত কয় যে পতি ৰাজ কুন্দ্ৰাৰ কুকৰ্মবোৰৰ বাবে শিল্পাৰ তিলমানো আক্ষেপ নাই। ইমানেই নহয় শ্বাৰ্লিনে শিল্পাৰ ভাৱাৱেগৰো উপলুঙা কৰে।

এজন টুইটাৰ ইউজাৰৰ এটা টুইটৰ উদ্ধৃতি দি শ্বাৰ্লিনে শিল্পাক আক্ৰমণ কৰে,  "দিদিৰ অলপো আক্ষেপ নাই নিজৰ পতিদেৱে কৰা কৰ্ম-কাণ্ডবোৰৰ বাবে! কিন্তু  আপুনিতো কৈ থাকে আপোনাৰ জীৱন দৰ্শনৰ কথা-“As a celebrity, you should never complain & never explain!” কি আচৰিত দৰ্শন!!! সাষ্টাংগে দণ্ডৱত প্ৰণাম দিবই লাগিব!"



শ্বাৰ্লিনৰ দ্বিতীয় টুইট-

শ্বাৰ্লিনে দ্বিতীয়টো টুইটত এটা নিউজ ৱেবছাইটৰ টুইট ৰিটুইট কৰি নিজৰ কথা লিখিছে। এই টুইটত ৰাজ কুন্দ্ৰাই শ্বাৰ্লিনৰ সৈতে নিৰ্মাণ কৰা ভিডঅ'বোৰ শিল্পাই বহুত পছন্দ কৰা বুলি লিখা বাতৰিত প্ৰতিক্ৰিয়া দিছে শ্বাৰ্লিনে।



ইপিনে শ্বাৰ্লিনে বাৰম্বাৰ শিল্পা ছেট্টীক আক্ৰমণ কৰা কাৰ্যক গৰিহণা দিছে গেহণা বশিষ্ঠই। শ্বাৰ্লিনে কেৱল বাতৰিৰ শিৰোনাম দখল কৰাৰ বাবেই এনে কৰি আছে বুলি গেহনা বশিষ্ঠই অভিযোগ কৰে।  গেহণাই কয়, শ্বাৰ্লিনৰ হাতত কোনো কাম নাই সেয়ে ৰাজ কুন্দ্ৰাৰ পিছত এইবাৰ শিল্পাক টাৰ্গেট কৰিছে।

শেহতীয়া বাতৰি