Viral Video|Aryan Khan|Suhana Khan: আৰিয়ান খান আৰু সুহানা খানে একেলগে বিমান বন্দৰত গৈ থাকোতে সংঘটিত হয় এক ঘটনা। যি দৃশ্য পাপাৰাজিৰ শেনচকুৰ পৰা সাৰি নগ'ল।
Viral Video|Aryan Khan|Suhana Khan: আৰিয়ান খান আৰু সুহানা খানে একেলগে বিমান বন্দৰত গৈ থাকোতে সংঘটিত হয় এক ঘটনা। যি দৃশ্য পাপাৰাজিৰ শেনচকুৰ পৰা সাৰি নগ'ল।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুহ খান (Shahrukh Khan)ৰ পুত্ৰ-কন্যাৰ এক ভিডিঅ'। আৰিয়ান খান (Aryan Khan) আৰু সুহানা খানে (Suhana Khan) একেলগে বিমান বন্দৰত গৈ থাকোতে সংঘটিত হয় এক ঘটনা। যি দৃশ্য পাপাৰাজিৰ শেনচকুৰ পৰা সাৰি নগ'ল। আৰিয়ান খআন আৰু সুহানা খানৰ যিকোনো বাতৰিয়েই বনজুইৰ দৰে বিয়পি পৰে। এই ভিডিঅ'টোও (Viral Video) সেয়ে ছচিয়েল মিডিয়াত খলকনি তুলিছে।
বেংগালুৰুত আইপিএলৰ নিলামৰ (IPL Auction 2022) অনুষ্ঠানৰ পৰা মুম্বাইলৈ উভতি আহোতে মুম্বাই বিমান বন্দৰ (Mumbai Airport)ত আৰিয়ান আৰু সুহানাক একেলগে দেখা গৈছিল। কি হৈছিল বুজিবলৈ ভিডিঅ'টো চাওক-
ভিডিঅ'টোত দেখা গৈছে যে বিমানবন্দৰৰ পৰা আৰিয়ান খান আৰু সুহানা খান ওলাই আহিছে আৰু তেওঁলোকৰ বডীগাৰ্ড ৰবি সিঙে দুয়োকে পাপাৰাজিৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰিছে। ফটো আৰু ভিডিঅ' লোৱাৰ পৰা বাৰণ কৰাৰ চেষ্টা কৰিছে পাপাৰাজিক। এই ভিডিঅ'টো শ্বেয়াৰ কৰিছএ Pinkvillaই।
উল্লেখ্য যে ড্ৰাগছ বিতৰ্কত সাঙোৰ খাই পৰাৰ পিছত আইপিএলৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ হৈ শ্বাহৰুখ পুত্ৰ আৰিয়ানক অংশ লোৱা দেখা গৈছিল। কন্যা সুহানা খানেও নিলামত ভাগ লৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|