শ্বাহৰুখ খানৰ এটা টুইটক লৈ এতিয়া ছচিয়েল মিডিয়াত সৰৱ চৰ্চা ! বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে এটা টুইটত এনেদৰে লিখিছিল ... Sharma ji har cheez mein jhoot kyon dhoondhte ho…kaha na positive raho Zinda raho!!
ইয়াত শ্বাহৰুখ খানে কোন ব্যক্তিক 'শৰ্মা' জী বুলি সম্বোধন কৰিছে সেয়া এতিয়াও ষ্পষ্ট নহয়। কোনগৰাকী ব্যক্তিক ইতিবাচক হৈ থাকিবলৈ পৰামৰ্শ দিছে বলীউডৰ কিং খানে, সেয়াও জনা নাযায়। কিয়নো যি ব্যক্তিজনৰ টুইটৰ উত্তৰ দিছিল কিং খানে, তেওঁৰ টুইটটো ইতিমধ্যে নাইকিয়া হৈ পৰিছে। তাৰ সমান্তৰালভাৱে ভাইৰেল হৈ পৰিছে এটা স্ক্ৰীণ শ্বট ।
![]()
টুইটাৰযোগে একাংশ ব্যৱহাৰকাৰীয়ে ক'ব খোজে যে এইগৰাকী ব্যক্তিক কিং খানে এনেদৰে টুইট কৰি উত্তৰ দিছিল।
যিয়েই নহওক এতিয়া শ্বাহৰুখৰ 'শৰ্মা' জী হৈ পৰিছে ছচিয়েল মিডিয়াৰ চৰ্চাৰ বিষয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|