বহু বিতৰ্কৰ অন্তত অৱশেষত আজি দেশজুৰি মুক্তিলাভ কৰিলে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ (Shah Rukh Khan) ছবি ‘পাঠান’ (Pathaan)। মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰা পাঠান চাবলৈ আজি পুৱাৰে পৰা ছবিগৃহত ভিৰ কৰিলে শ্বাহৰুখপ্ৰেমীয়ে। বয়কট ট্ৰেণ্ডক উপেক্ষা কৰি ছবিগৃহলৈ ঢাপলি মেলিছে ছবিপ্ৰেমীয়ে।
বহু ছবিগৃহত আজি পুৱা ৬ বজাতে ৰখা হৈছে ‘পাঠান’ৰ দৰ্শনী। ছবিগৃহসমূহত ‘পাঠান চাবলৈ শাৰী পাতিছে দৰ্শকে। গুৱাহাটীৰ প্ৰায় প্ৰতিটো ছবিগৃহতে অভূতপূৰ্ব ভিৰ দেখা গৈছে। ইতিমধ্যে ‘পাঠান’ৰ বহু দৰ্শনীৰ টিকট ছবিখনৰ মুক্তিৰ পূৰ্বেই বুকিং হৈ গৈছে। প্ৰতিটো দৰ্শনীয়ে হাউছফুল।
উল্লেখযোগ্য যে বিগত সময়ছোৱাত শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল। একাংশ হিন্দুত্ববাদী সংগঠনে ‘পাঠান’ ছবিখন বয়কট কৰাৰো দাবী তুলিছিল। অসমতো এটা হলত ফালি পেলোৱা হৈছিল ‘পাঠান’ৰ পোষ্টাৰ।
বিতৰ্কই যেন পাঠান ছবিখনক মুক্তিৰ পূৰ্বেই ছুপাৰহিট কৰি পেলালে। যাৰ ফলত মুক্তিৰ পূৰ্বে বুকিং হ’ল ‘পাঠান’ৰ কোটি কোটি টকাৰ টিকট। একপ্ৰকাৰ ছবিখনৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত ‘পাঠান’ৰ টীমে কৰিবলগীয়া কামখিনি কৰি পেলালে ছবিখনক লৈ হোৱা বিতৰ্কই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|