শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনক লৈ এতিয়া তীব্ৰ চৰ্চা। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ লগতে যথেষ্ট চৰ্চা লাভ কৰিছে ছবিখনে। ছবিখন মুক্তিৰ বাবে মাজত মাথোঁ এটা দিন। অৰ্থাৎ ২৫ জানুৱাৰীত মুক্তিলাভ কৰিব ছবিখনে।
ছবিখনৰ মুক্তিৰ পূৰ্বে ইতিমধ্যে অনলাইনযোগে বিক্ৰীৰ বাবে দেশজুৰি মুকলি কৰি দিয়া হৈছে টিকট।
অনলাইন টিকট মুকলি কৰি দিয়াৰ লগে লগে ইয়াৰ বিক্ৰীয়ে অসমত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হোৱা বুলি দাবী কৰিছে সদৌ অসম চিনেমা হল মালিক সন্থাই।
২৫০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হৈছে ছবিখন।
ছবিখনে ৬০০ কোটি টকাৰ ব্যৱসায় কৰিব বুলি আশা কৰিছে নিৰ্মাতাসকলে।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|