• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Shah Rukh Khan meets with Aryan Khan: পুত্ৰ আৰিয়ানক দেখা কৰিবলৈ আৰ্থাৰ ৰোড জে’লত শ্বাহৰুখ খান

Shah Rukh Khan meets with Aryan Khan: পুত্ৰ আৰিয়ানক দেখা কৰিবলৈ আৰ্থাৰ ৰোড জে’লত শ্বাহৰুখ খান

৩ অক্টোবৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে। তাৰ পিছতে এনচিবিৰ জিম্মাত থকাৰ সময়ত এবাৰ পুত্ৰৰ সৈতে দেখা কৰিছিল শ্বাহৰুখ খানে।

  • Share this:
বৃহস্পতিবাৰে পুৱা পুত্ৰ আৰিয়ান খান (Aryan Khan)ক আৰ্থাৰ ৰোড জে’লত দেখা কৰিলে শ্বাহৰুখ খানে (Shahrukh Khan)। আশা কৰা হৈছিল শীঘ্ৰে আৰিয়ানে জামিনত মুক্তি পাব, কিন্তু ইটোৰ পিছত সিটো শুনানিত আৰিয়ানৰ জামিন আবেদন খাৰিজ কৰা হৈছে। ভিডিঅ’ কলত ইয়াৰ পূৰ্বে কথা পাতিলেও সোশৰীৰে পুত্ৰৰ সৈতে দেখা কৰিবলৈ কাৰাগাৰত উপস্থিত হ’ল শ্বাহৰুখ খান।

৩ অক্টোবৰত আৰিয়ানক গ্ৰেপ্তাৰ কৰিছিল এনচিবিয়ে। তাৰ পিছতে এনচিবিৰ জিম্মাত থকাৰ সময়ত এবাৰ পুত্ৰৰ সৈতে দেখা কৰিছিল শ্বাহৰুখ খানে। আজি পুৱাই আৰিয়ানক দেখা কৰিবলৈ আৰ্থাৰ ৰোড জে’লত উপস্থিত হয় শ্বাহৰুখ।

মাদক দ্ৰৱ্যৰ গোচৰত বুধবাৰে আৰিয়ান খানৰ জামিনৰ আবেদন খাৰিজ কৰে মুম্বাইৰ বিশেষ এনডিপিএছ আদালতে। আৰিয়ানৰ সৈতে তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰ জামিন আবেদনো খাৰিজ কৰে আদালতে। তাৰ পিছতে আৰিয়ানৰ জামিন আবেদন লৈ বম্বে হাইক’ৰ্টৰ দ্বাৰস্থ হয় আৰিয়ানৰ অধিবক্তা।
Published by:Sanjay Kumar Das
First published: