পৰ্ণ'গ্ৰাফী বিতৰ্কই দেশৰ সংবাদ শিৰোনাম দখল কৰাৰ সময়তে চৰ্চালৈ আহিছিল অভিনেত্ৰী গেহেনা বশিষ্ঠৰ নাম। শিল্পা শেট্টীৰ স্বামী তথা ছবি নিৰ্মাতা ৰাজ কুন্দ্ৰা পৰ্ণ'গ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱা গোচৰটোৰ এগৰাকী অভিযুক্ত আছিল গেহেনা বশিষ্ঠ। ইতিমধ্যে এই গোচৰটোত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পিছে উচ্চতম ন্যায়ালয়ে গেহেনাক গ্ৰেপ্তাৰৰ পৰা ৰেহাই প্ৰদান কৰিছে। ইপিনে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা ৰাজ কুন্দ্ৰাক "সাহসী" আখ্যা দি সামাজিক মাধ্যমত স্বাগতম জনালে গেহেনা বশিষ্ঠই।
পৰ্ণ ছবিত অভিনয় কৰাৰ বাবে গেহেনা বশিষ্ঠৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৩খনকৈ এজাহাৰ দাখিল কৰিছিল। প্ৰথম দুখন এজাহাৰত গেহেনাই জামিন লাভ কৰাৰ পিছত পুনৰ মুম্বাই আৰক্ষীয়ে গেহেনাৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰিছিল। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে তিনিওখন এজাহাৰৰ অভিযোগ একেধৰণৰ হোৱাৰ বাবে গেহেনা বশিষ্ঠক গ্ৰেপ্তাৰত বাধা প্ৰদান কৰে। অৱশ্যে আদালতে অভিনেত্ৰী গৰাকীক আৰক্ষীৰ তদন্তত সহযোগ কৰাৰো নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ কুন্দ্ৰাই নিৰ্মান কৰা ছবিত অভিনয় কৰিছিল গেহেনা বশিষ্ঠই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 23, 2021, 09:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।