বলীউডৰ প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ দেহাৱসান। ৬৬ বছৰ বয়সত ৯ মাৰ্চৰ পুৱাৰ ভাগত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা সতীশে ৭ তাৰিখে বলীউডৰ বন্ধু-বান্ধৱীৰ সৈতে হোলী উৎসৱত যোগদান কৰিছিল। আজি পুৱা ঘনিষ্ঠ বন্ধু অনুপম খেৰে সতীশৰ মৃত্যুৰ খবৰ দিয়ে। সতীশ কৌশিক (satish kaushik)ৰ মৃত্যুৰ সময়তে নীনা গুপ্তাৰ প্ৰতি থকা তেওঁৰ সহমৰ্মিতাৰ এটা খবৰে সকলোকে আকৰ্ষণ কৰিছে।
১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দ্ৰগড়ত জন্মগ্ৰহণ কৰিছিল সতীশে। ৰাজধানীৰ নেচনেল স্কুল অৱ ড্ৰামাত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। জনা যায় যে সতীশ কৌশিক আছিল অভিনেত্ৰী নীনা গুপ্তাৰ অতি ঘনিষ্ঠ বন্ধু। নীনাৰ অভিনয়ক লৈ তেওঁ অতি গৌৰৱ অনুভৱ কৰিছিল আৰু সদায় তেওঁৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছিল। কিন্তু জানেনে, সতীশ কৌশিকে নীনাক বিয়া কৰাবও বিচাৰিছিল?
২০২১ চনত নীনা গুপ্তাৰ আত্মজীৱনী ‘সঁচ্চ কহু তো’ত নীনাই নিজেই কৈছিল যে অভিনেতা-পৰিচালক সতীশ কৌশিকে নীনাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰিছিল। মাছাবা জন্মৰ আগতেই গৰ্ভৱতী হৈ থাকোঁতে সতীশে নীনাক বিয়া কৰাব বিচাৰিছিল। নীনাই লিখিছে, এদিন সতীশে তেওঁক ক’লে- ‘চিন্তা নকৰিবা, যদি শিশুটিৰ ছালৰ ৰং ক’লা হয়, তেন্তে তুমি মোৰ সন্তান বুলি ক'বা। আমি বিয়া হ’ম, কোনেও সন্দেহ নকৰিব।’ যদিও পিছলৈ সেই বিবাহ নহ’ল। কিংবদন্তি ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছৰ সৈতে নীনাৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জানে। ইতিমধ্যে বিবাহিত ভিভৰ লগত সম্পৰ্কত সোমাই চৰ্চিত হৈ পৰিছিল নীনা।
সতীশ কৌশিকে বলীউডৰ অসংখ্য হিট ছবিত কাম কৰি আহিছে। ইয়াৰে এখন হৈছে অনিল কাপুৰ আৰু শ্ৰীদেৱী অভিনীত ‘মিষ্টাৰ ইণ্ডিয়া’। কমিক টাইমিঙৰ বাবেও তেওঁ জনপ্ৰিয় আছিল। সতীশ কৌশিকে তেৰে নাম, সাজন চলি চচুৰাল, দীৱানা মস্তানা, ৰাম লক্ষ্মণ আদি বহু ছবিত অভিনয় কৰিছে। দৰ্শকৰ মনত তেওঁ চিৰদিন থাকিব। তেওঁৰ মৃত্যুৰ খবৰে বলীউডত গভীৰ শোকৰ ছাঁ পেলাইছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 09, 2023, 09:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।