Bulb Explode On sara Face Video : ছাৰা আলী খান (Sara Ali Khan) সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু নজিৰ অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰি থাকে। ছাৰাৰ ধুনীয়া ফটোবোৰ প্ৰতিদিনে ইণ্টাৰনেটত ভাইৰেল হৈ থাকে। বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান (Sara Ali Khan) সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু তেওঁৰ অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰি থাকে। ছাৰাৰ ধুনীয়া ফটোবোৰ (Sara Ali Khan Beautiful Photo) প্ৰতিদিনে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে, কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ' ভাইৰেল (Sara Ali Khan Viral Video) হৈ আছে যিটো অলপ ভয়লগা ধৰণৰ। এই ভিডিঅ'টোত ছাৰা দুৰ্ঘটনাৰ বলি হোৱা যেন লাগিছে যদিও তেওঁ বেছি আঘাতপ্ৰাপ্ত হোৱা নাছিল। ছাৰাই ঘটনাটোৰ ভিডিঅ' তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু লগতে ভাইৰেল হৈ থকা তেওঁৰ এটা ফেন পেজতো ভিডিঅ'টো শ্বেয়াৰ কৰিছিল।
ভিডিঅ'টোত ছাৰাক মেকআপ ৰুমত বহি থকা দেখা গৈছে। তেওঁ এটা গুলপীয়া ৰঙৰ হুডি পিন্ধি আছে। এগৰাকী মেকআপ শিল্পীয়ে ছাৰাৰ মুখত মেক আপ কৰি আছে। এই সময়তে অভিনেত্ৰীগৰাকীয়ে কাৰোবাক উদ্দেশ্যি 'জিতু চে কহ দো নাৰিয়ল পানী লা দে' বুলি কোৱাৰ পিছতে ছাৰাই আইনাত তাইৰ মেকআপ চাবলৈ আৰম্ভ কৰে আৰু মেকআপ শিল্পীও আঁতৰি যায়। তাৰ পিছত এটা অতি ডাঙৰ ছাইৰেন বাজি থকাৰ শব্দ হয় আৰু হঠাতে জ্বলি থকা বাল্বটো ফাটি যায়। এই ঘটনাত ছাৰা আলী খান উচাপ খাই উঠে আৰু ভীষণ ভয় খায়। ইয়াৰ পিছতে ছাৰাৰ ভিডিঅ'টো শেষ হয়। অভিনেত্ৰীগৰাকীয়ে তাইৰ ইনষ্টা কাহিনীত (Sara Ali Khan Instagram) ভিডিঅ'টো শ্বেয়াৰ কৰাৰ সময়ত এটা বাল্ব ইমোজিও শ্বেয়াৰ কৰিছে আৰু লিখিছে 'ৰাতিপুৱাই এনেকুৱা কিবা'। ভিডিঅ'টো চাওক।
ছাৰাই বিকি কৌশল (Vicky Kaushal)ৰ সৈতে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰি আছে। অৱশ্যে, ছবিখনৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। একে সময়তে ছাৰাক অলপতে অক্ষয় কুমাৰ আৰু ধনুষৰ সৈতে 'অতৰংগী ৰে' ছবিখনতো দেখা গৈছিল।
Published by: Manjumoni Borah
First published: January 24, 2022, 11:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|