• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sapna Choudhary : দুঘণ্টা ধৰি আদালতৰ জিম্মাত স্বপ্না চৌধুৰী, ২০ হাজাৰ টকা ভৰি ওলাল আদালতৰ পৰা, গোচৰ কি?

Sapna Choudhary : দুঘণ্টা ধৰি আদালতৰ জিম্মাত স্বপ্না চৌধুৰী, ২০ হাজাৰ টকা ভৰি ওলাল আদালতৰ পৰা, গোচৰ কি?

৩০ ছেপ্টেম্বৰত এচিজেএমৰ আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

৩০ ছেপ্টেম্বৰত এচিজেএমৰ আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

৩০ ছেপ্টেম্বৰত এচিজেএমৰ আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

  • Share this:
দেশজুৰি নৃত্যৰে জনপ্ৰিয়তা অৰ্জন কৰা স্বপ্না চৌধুৰীয়ে প্ৰায় দুঘণ্টা ধৰি আদালতৰ তাকিবলগীয়া হ’৸ল আদালতৰ জিম্মাত। ২০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড প্ৰদান কৰাৰ পিছত মুকলি কৰি দিয়ে আদালতে। ইয়াৰ পিছতে আদালতে তেওঁৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰৰ পৰোৱানা বাতিল কৰে।

৩০ ছেপ্টেম্বৰত এচিজেএমৰ আদালতত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। শুনানিৰ সময়ত আদালতে স্বপ্না চৌধুৰীক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

এই গোচৰটো ২০১৮ চনৰ। ২০১৮ চনৰ ১৩ অক্টোবৰৰ বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ স্মৃতি উপানত স্বপ্না চৌধুৰীৰ এক অনুষ্ঠান আছিল, যাৰ বাবে অনলাইন আৰু অফলাইন টিকট ৩০০ টকাত বিক্ৰী হৈছিল। এই অনুষ্ঠান চাবলৈ হাজাৰ হাজাৰ লোকে টিকট কাটি উপস্থিত আছিল যদিও নিশা ১০ বজালৈ নাহিল স্বপ্না চৌধুৰী।

জনপ্ৰিয় নৃত্যশিল্পীক নেদেখি দৰ্শকে হুলস্থুল কৰে আৰু দৰ্শকে আয়োজকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি মঞ্চৰ আচবাব নষ্ট কৰে। আৰক্ষী-প্ৰশাসনৰ বিষয়াসকলে বুজনি দি ৰাইজক শান্ত কৰে যদিও ইয়াকে লৈ ৰুজু হয় গোচৰ।
Published by:Gautam Barman
First published: