মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Deeplina Deka : দীপলিনাই শ্বেয়াৰ কৰা এখন ফটোৱে জুই জ্বলাইছে ছ’চিয়েল মিডিয়াত! সকলোৰে প্ৰশ্ন – হাতখন কাৰ?

Deeplina Deka : দীপলিনাই শ্বেয়াৰ কৰা এখন ফটোৱে জুই জ্বলাইছে ছ’চিয়েল মিডিয়াত! সকলোৰে প্ৰশ্ন – হাতখন কাৰ?

প্ৰমোচন নে আন ইংগিত! দীপলিনাৰ পোষ্ট ছচিয়েল মিডিয়াত হিট!

প্ৰমোচন নে আন ইংগিত! দীপলিনাৰ পোষ্ট ছচিয়েল মিডিয়াত হিট!

প্ৰমোচন নে আন ইংগিত! দীপলিনাৰ পোষ্ট ছচিয়েল মিডিয়াত হিট!

  • Share this:
অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকা (Deeplina Deka)। সাংস্কৃতিক ক্ষেত্ৰখনত যিমান সক্ৰিয়, ছচিয়েল মিডিয়াতো সমানেই সক্ৰিয় দীপলিনা। প্ৰায়ে কণ্ঠশিল্পীগৰাকীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে ফটো, ভিডিঅ’ বা সংগীত সম্পৰ্কীয় তথ্য। দীপলিনাৰ প্ৰতিটো পোষ্টেই মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এই ফটোখন শ্বেয়াৰ কৰাৰ পিছতে এতিয়া হাজাৰজনৰ হাজাৰটা প্ৰশ্ন। বিভিন্নজনৰ বিভিন্ন মন্তব্য। অৱশ্যে Cool হৈ আছে দীপলিনা। কি আছে দীপলিনাই শ্বেয়াৰ কৰা এই ফটোখনত?

আচলতে গায়িকাগৰাকীয়ে বৃহস্পতিবাৰে হাতত হাত থোৱা এখন ফটো শ্বেয়াৰ কৰিছে। কেপচনত লিখিছে, ‘তোমাৰ হাতত হাত ধৰি আগুৱাম, #ভালপোৱা_এটি_নাম’। ইয়াৰ পিছতে দীপলিনাৰ এই পোষ্টত পৰিছে কমেণ্টৰ বৰষুণ।



এই মুহূৰ্তলৈকে ১১ হাজাৰৰো অধিক লোকে কমেণ্ট কৰিছে দীপলিনাৰ এই পোষ্টটোত। বহুতেই সুধিছে মধ্যমা আঙুলিত সোণৰ আঙঠি থকা হাতখন কাৰ? তাৰ মাজতে জনপ্ৰিয় ইউটিউবাৰ দীম্পু বৰুৱায়ো কমেণ্ট কৰিছে – দে আৰ।

অৱশ্যে দীপলিনাই শ্বেয়াৰ কৰা এই ফটোখনৰ ৰহস্য এতিয়াও জানিব পৰা হোৱা নাই। এয়া কোনো প্ৰমোচন নে আন ইংগিত! কিন্তু দীপলিনাৰ এই পোষ্ট এতিয়া ছচিয়েল মিডিয়াত হিট!

শেহতীয়া বাতৰি