• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Samantha Ruth Prabhu|Naga Chaitanya: নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ এবছৰৰ পিছতে পুনৰ বিয়াৰ বাবে সাজু ছামান্থা ৰুথ প্ৰভু

Samantha Ruth Prabhu|Naga Chaitanya: নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ এবছৰৰ পিছতে পুনৰ বিয়াৰ বাবে সাজু ছামান্থা ৰুথ প্ৰভু

Samantha Ruth Prabhu|Naga Chaitanya: ছামান্থা ৰুথ প্ৰভুৱে পূৰ্বে নাগা চৈতন্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও যোৱা বছৰৰ অক্টোবৰ মাহত অৰ্থাৎ বিবাহৰ চাৰি বছৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল।

Samantha Ruth Prabhu|Naga Chaitanya: ছামান্থা ৰুথ প্ৰভুৱে পূৰ্বে নাগা চৈতন্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও যোৱা বছৰৰ অক্টোবৰ মাহত অৰ্থাৎ বিবাহৰ চাৰি বছৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল।

Samantha Ruth Prabhu|Naga Chaitanya: ছামান্থা ৰুথ প্ৰভুৱে পূৰ্বে নাগা চৈতন্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও যোৱা বছৰৰ অক্টোবৰ মাহত অৰ্থাৎ বিবাহৰ চাৰি বছৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল।

  • Share this:
নাগা চৈতন্য (Naga Chaitanya)ৰ পৰা বিচ্ছেদ হোৱাৰ প্ৰায় এবছৰৰ পাছত এতিয়া পুনৰ নতুন প্ৰেমৰ সন্ধান আৰম্ভ কৰিছে ছামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu)ৱে। হয়, আপুনি ঠিকেই পঢ়িছে। যদি শেহতীয়াকৈ চিনে জোছৰ এটা প্ৰতিবেদন বিশ্বাস কৰিব লাগে, তেন্তে কাৰোবাৰ মৰম বিচাৰি পুনৰ বিয়া পাতিবলৈ সাজু হৈছে ছামান্থা ৰুথ প্ৰভূ। খবৰ অনুসৰি সাধগুৰু জগদীশ বাসুদেৱে তেওঁক পতিয়ন নিয়াবলৈ সক্ষম হৈছে আৰু ছামান্থাই দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হ'বলৈ সন্মত হৈছে।

আমোদজনক কথাটো হ’ল, কফি উইথ কৰণ (Koffee With Karan)ত ছামান্থাই দেখা দিয়াৰ কেইসপ্তাহমান পিছতে এই কথা প্ৰকাশ কৰিছিল যে তেওঁ নতুনকৈ প্ৰেমৰ বাবে সাজু নহয়। এই খণ্ডটোৰ সময়ত অভিনেত্ৰীগৰাকীয়েও স্বীকাৰ কৰিছিল যে তেওঁলোকৰ মাজত এতিয়াও ইজনে সিজনৰ প্ৰতি কঠোৰ মনোভাৱ অনুভৱ কৰি আছে।

ছামান্থা ৰুথ প্ৰভুৱে পূৰ্বে নাগা চৈতন্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও যোৱা বছৰৰ অক্টোবৰ মাহত অৰ্থাৎ বিবাহৰ চাৰি বছৰ পিছত দুয়োৰে বিচ্ছেদ (Samantha Ruth Prabhu-Naga Chaitanya Divorce) হৈছিল। তেতিয়া তেওঁলোকে সকলোৰে পৰা গোপনীয়তা বিচাৰি এক যৌথ বিবৃতি প্ৰকাশ কৰিছিল।

কৰ্মক্ষেত্ৰত ছামান্থা ৰুথ প্ৰভুৰ কেইবাটাও প্ৰজেক্ট পাইপলাইনত আছে। বৰ্তমান তেওঁ ‘কুছি’ (Kushi) শীৰ্ষক পৰৱৰ্তী প্ৰজেক্টৰ কাম কৰি আছে। এইখন এখন ৰোমান্টিক ছবি য’ত বিজয় দেৱেৰাকোণ্ডায়ো অভিনয় কৰিছে। শিৱ নিৰ্বাণৰ দ্বাৰা পৰিচালিত এই ছবিখন চলিত বৰ্ষৰ ২৩ ডিচেম্বৰত তামিল, তেলেগু, কানাড়া আৰু মালয়ালম ভাষাত ছবিগৃহত মুক্তি পাব। ইয়াৰ উপৰিও শেহতীয়াকৈ তাপসী পান্নুৱেও নিশ্চিত কৰিছে যে ছামান্থাই তেওঁৰ দ্বাৰা প্ৰযোজনা কৰিবলগীয়া বলীউডৰ এখন চিনেমাৰ চৰিত্ৰ হ’ব। ইয়াৰ উপৰিও ছামান্থাই আদিত্য ধৰৰ দ্য ইমৰ্টেল অশ্বত্থামা ছবিখনৰ বাবেও বিকি কৌশলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
Published by:Manjumoni Borah
First published: