• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Samantha Ruth Prabhu: সৰ্বাধিক জনপ্ৰিয় অভিনেত্ৰীৰ দৌৰত ছামান্থাই পৰাস্ত কৰিলে আলিয়াক, অভিনেতাৰ তালিকাৰ শীৰ্ষত বিজয় আৰু প্ৰভাস

Samantha Ruth Prabhu: সৰ্বাধিক জনপ্ৰিয় অভিনেত্ৰীৰ দৌৰত ছামান্থাই পৰাস্ত কৰিলে আলিয়াক, অভিনেতাৰ তালিকাৰ শীৰ্ষত বিজয় আৰু প্ৰভাস

এই তালিকাত বলীউডৰ একমাত্ৰ অভিনেতা হিচাপে ষষ্ঠ স্থানতআছে অক্ষয় কুমাৰ । ৰাম চৰণ, মহেশ বাবু, সূৰ্য্য আৰু অজিত কুমাৰেও এই তালিকাত স্থান লাভ কৰিছে।

এই তালিকাত বলীউডৰ একমাত্ৰ অভিনেতা হিচাপে ষষ্ঠ স্থানতআছে অক্ষয় কুমাৰ । ৰাম চৰণ, মহেশ বাবু, সূৰ্য্য আৰু অজিত কুমাৰেও এই তালিকাত স্থান লাভ কৰিছে।

এই তালিকাত বলীউডৰ একমাত্ৰ অভিনেতা হিচাপে ষষ্ঠ স্থানতআছে অক্ষয় কুমাৰ । ৰাম চৰণ, মহেশ বাবু, সূৰ্য্য আৰু অজিত কুমাৰেও এই তালিকাত স্থান লাভ কৰিছে।

  • Share this:
আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দান্না অভিনীত পুষ্প: দ্য ৰাইজত উ অন্তাৱ গীতটোত অভিনয় কৰাৰ পিছৰে পৰা ছামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu) সকলোৰে প্ৰিয় হৈ পৰিছে। বিবাহ বিচ্ছেদৰ পিছত এটা আইটেম গানেৰে পুনৰ দেশবাসীৰ হৃদয়ৰ ৰাণী হৈ পৰিছে ছামান্থা । আপুনি জানেনে যে ছামান্থা এতিয়া দেশৰ আটাইতকৈ জনপ্ৰিয় মহিলা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে?

হয়, আপুনি ঠিকেই পঢ়িছে। শেহতীয়াকৈ অৰ্মেক্স মিডিয়া (Ormax Media)ই ‘মোষ্ট পপুলাৰ ফিমেল ষ্টাৰছ’ (অল ইণ্ডিয়া)ৰ তালিকা প্ৰকাশ কৰিছে আৰু ইয়াৰ শীৰ্ষ স্থানত আধিপত্য বিস্তাৰ কৰিছে ছামান্থাই। আলিয়া ভাট্ট, নয়নতৰা, দীপিকা পাডুকন, ৰশ্মিকা মান্দান্না, কেটৰিনা কাইফ আৰু পূজা হেগড়ে (Alia Bhatt, Nayanthara, Deepika Padukone, Rashmika Mandanna, Katrina Kaif, Pooja Hegde)কে ধৰি সকলোকে অতিক্ৰম কৰি সকলোৰে প্ৰিয় হৈ পৰিছে ছামান্থা।



তালিকাৰ শীৰ্ষ স্থানত ছামন্থা ৰুথ প্ৰভুৱে শাসন কৰাৰ বিপৰীতে তেওঁৰ পিছতে দ্বিতীয় স্থানত আছে আলিয়া ভাট্ট। সবাতোকৈ জনপ্ৰিয় মহিলা তাৰকা তালিকাত তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে অভিনেত্ৰী নয়নতৰা, কাজল আগৰৱাল আৰু দীপিকা পাডুকন। পুষ্পা অভিনেত্ৰী ৰশ্মিকা মান্দান্না (Rashmika Mandanna) ষষ্ঠ জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ বিপৰীতে তেওঁৰ পিছতে আছে কীৰ্তি সুৰেশ আৰু কেটৰিনা কাইফ। পূজা হেগড়ে আৰু অনুষ্কা শ্বেট্টী (Anushka Shetty)ও এই তালিকাত আছে।

যদি ছামন্থা ৰুথ প্ৰভু আটাইতকৈ জনপ্ৰিয় মহিলা তাৰকা, তেন্তে বিজয় (thalapathy vijay) দেশৰ আটাইতকৈ জনপ্ৰিয় পুৰুষ তাৰকা। তেওঁৰ পিছতে আছে প্ৰভাস (Prabhas) আৰু RRR তাৰকা জুনিয়ৰ এন টি আৰ (Jr NTR)। তালিকাৰ চতুৰ্থ আৰু পঞ্চম স্থানত আছে পুষ্পা ফেম অভিনেতা আল্লু অৰ্জুন (Allu Arjun) আৰু কেজিএফৰ তাৰকা যশ (Yash)।



এই তালিকাত বলীউডৰ একমাত্ৰ অভিনেতা হিচাপে ষষ্ঠ স্থানতআছে অক্ষয় কুমাৰ (Akshay Kumar)। ৰাম চৰণ, মহেশ বাবু, সূৰ্য্য আৰু অজিত কুমাৰে (Ram Charan, Mahesh Babu, Surya and Ajith Kumar)ও এই তালিকাত স্থান লাভ কৰিছে।

ইয়াৰে কোন কোন আপোনাৰ প্ৰিয় অভিনেতা/অভিনেত্ৰী?
Published by:Manjumoni Borah
First published: