বলীউদৰ ভাইজান অৰ্থাৎ ছলমান খানৰ ছবি ‘ভাৰত’ ৫ জুনত মুক্তি পাব। ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ ব্যাপক প্ৰচাৰ। শুকুৰবাৰে ছবিখনৰ ‘জিন্দা’ শীৰ্ষক অনুপ্ৰেৰণামূলক গানটো মুকলি কৰা হৈছে। গীতটো উন্মোচনৰ বাবে মুম্বাইত আয়োজন কৰা হৈছিল এক অনুষ্ঠানৰ য’ত ছলমানৰ লগতে উপস্থিত আছিল কেটৰিনা কাঈফো।
এই অনুষ্ঠানত ছলমান খানে কয় যে ছবিখনত কেটৰিনাই যথেষ্ট কষ্ট কৰিছে। সংবাদ মাধ্যমৰ সৈতে কথা–বতৰাত কেটৰিনাক প্ৰশংসা কৰি ছলমানে কয় যে আপোনালোকে চাব এই ছবিখনৰ বাবে কেটৰিনাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাব। সংবাদ মাধ্যমৰ লোকসকলে কেটৰিনা কাঈফৰ পৰা ছবিখনৰ বিষয়ে প্ৰশ্ন কৰিবলৈ লৈ ছলমান খানক ভাইজান সম্বোধন কৰে। তেতিয়া ছলমান খানে কয় মই আপোনাৰ ভাইজান, এওঁৰ (কেটৰিনা) নহয়। ছলমানৰ কথাত অনুষ্ঠানত থকা সকলোৰে মাজত হাঁহিৰ ৰোল উঠে। ছলমান যেতিয়া সোধা হ’ল যে যদি কেটৰিনাই তেওঁক ভাইজান বুলি নামাতে কি বুলি মাতিব? সংবাদ মাধ্যমৰ এই প্ৰশ্নত ছলমানে কয় – মোক ‘মোৰ জান’ বুলি মাতিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 18, 2019, 10:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|