মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »চিনেমাৰ বাবে মানুহে স্বামীক এৰে, প্ৰিয়ংকাই স্বামীৰ বাবে এৰিলে চিনেমা : ছলমান

চিনেমাৰ বাবে মানুহে স্বামীক এৰে, প্ৰিয়ংকাই স্বামীৰ বাবে এৰিলে চিনেমা : ছলমান

কিহৰ বাবে ‘ভাৰত’ ছবিত অভিনয় নকৰিলে প্ৰিয়ংকা চোপ্ৰাই – সকলো ক’লে ছলমান খানে

কিহৰ বাবে ‘ভাৰত’ ছবিত অভিনয় নকৰিলে প্ৰিয়ংকা চোপ্ৰাই – সকলো ক’লে ছলমান খানে

কিহৰ বাবে ‘ভাৰত’ ছবিত অভিনয় নকৰিলে প্ৰিয়ংকা চোপ্ৰাই – সকলো ক’লে ছলমান খানে

  • Share this:
    বলীউদৰ ‘দাবাং’ অৰ্থাৎ ছলমান খানৰ বিষয়ে এটা কথা খুব জনপ্ৰিয় যে তেওঁ বন্ধুত্বও খুব ভালদৰে ৰাখিব জানে, শত্ৰুতাও। খবৰ অনুসৰি, সম্প্ৰতি দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ ওপৰত খং ছলমান খানৰ। কিয়নো ছলমানৰ ‘ভাৰত’ ছবিত প্ৰিয়ংকা চুক্তিবদ্ধ হৈছিল যদিও শ্বুটিঙৰ ৫ দিন পূৰ্বে এৰি দিছিল ছবিখন। তাৰ পিছতে যেতিয়াই ছবিখনৰ বাবে বা ছবিখনৰ নায়িকাৰ কথা ওলায় ছলমানে উত্তৰত কয় ‘THANK YOU PRIYANKA’।

    প্ৰিয়ংকা চোপ্ৰাৰ বিষয়ে ওলালে ছলমানে যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তালৈ লক্ষ্য কৰি ক’ব পাৰি যে প্ৰিয়ংকাই ছবিখন এৰি দিয়াক লৈ আজিও সন্তুষ্ট নহয় তেওঁ। শেহতীয়াকৈ প্ৰিণ্ট মিডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকাৰ বিষয়ে সকলো খুলি ক’লে ছলমান খানে।

    ছলমানে কয় যে ‘ভাৰত’ ছবিখনত নায়কতকৈ নায়িকাৰ চৰিত্ৰটো অধিক শক্তিশালী। এতিয়া এই চৰিত্ৰটো কেটৰিনাই কৰিছে আৰু প্ৰিয়ংকাৰ বাবেই কেটৰিনাই এই চৰিত্ৰটো পাইছে। সেইবাবেই প্ৰিয়ংকাক বাৰে বাৰে ধন্যবাদ দিবই লাগিব। যদি শ্বুটিঙৰ ৫ দিন পূৰ্বে প্ৰিয়ংকাই মোক নক’লেহেঁতেন যে ‘মই ছবিখন কৰিব নোৱাৰে’ তেন্তে ছবিখনত কেটৰিনা কেনেকৈ আহিলহেঁতেন।

    ছলমানে কয় যে প্ৰিয়ংকাই ছবিখনৰ শ্বুটিঙৰ ৫ দিন পূৰ্বে মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে মই ছবিখন কৰিব নোৱাৰো, কিয়নো মোৰ বিয়া। মই কৈছিলো যে যদি বিয়াৰ কথা আছে তেন্তে তাৰিখ আগুৱাই দিম। কিন্তু প্ৰিয়ংকাই ঘৰতে সিদ্ধান্ত লৈছিল আহিছিল যে ছবিখন নকৰে। মই প্ৰিয়ংকাক সুধিছিলো যে – তেন্তে তুমি নকৰো বুলিয়ে ক’বলৈ আহিছা। তাই হয় বুলি কৈছিল। মই কৈছিলো যে যদি তুমি সিদ্ধান্ত লৈছাই মোৰ ক’বলগীয়া নাই।

    ছলমানে কয় – ‘প্ৰিয়ংকাক মই বহু বুজালো যে তুমি নিজৰ কেৰিয়াৰ এই পৰ্যায়লৈ অনাৰ বাবে বহুত কষ্ট কৰিছা। এনেস্থলত তুমি এই সুন্দৰ ছবিখন এৰিব বিচাৰিছা। এতিয়া নিশ্চয় তোমাৰ মনত ভাৱ হৈছে যে যদি তুমি ছবিখনত কাম কৰিবলৈ অস্বীকাৰ কৰা তেন্তে ছলমানে কেতিয়াও তোমাৰ সৈতে কাম নকৰে। কিন্তু এই সকলো কথাৰ পিছতো যদি বিয়াৰ সিদ্ধান্ত লৈছা তেন্তে সেয়াও ভাল কথা। সাধাৰণতে এনেধৰণৰ ছবিৰ বাবে মানুহে স্বামীক এৰি দিয়ে। কিন্তু প্ৰিয়ংকাই বিয়া আৰু স্বামীৰ বাবে ছবিখন এৰি দিলে।’ অৱশ্যে প্ৰিয়ংকাৰ সৈতে ভৱিষ্যতে কাম কৰি যাব বুলি উল্লেখ কৰে ছলমানে।

    শেহতীয়া বাতৰি