৯ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছে বলীউদৰ দুই তাৰকা কেটৰিনা কাইফ আৰু বিকি কৌশল (Vicky Kaushal-Katrina Kaif Wedding)। বিয়াৰ আয়োজন কৰা হৈছিল ৰাজস্থানৰ ছিক্স ছেন্স ফ’ৰ্ট বাৰৱাৰাত। বিয়াৰ পিছৰ দিনাই জয়পুৰ এৰি মুম্বাইলৈ গৈছিল কেটৰিনা–বিকি। মুম্বাইলৈ উভতি জুহুত নিজৰ নতুন ঘৰত প্ৰৱেশ কৰে তাৰকা দম্পতীয়ে। দুয়ো বিয়াৰ পিছতে হানিমুনলৈ গৈ আহিছে। কিন্তু এইবাৰ বিয়াৰ ১০ দিনৰ পিছতে প্ৰাক্তন প্ৰেমিক ছলমান খানৰ কাষত কেটৰিনা (Salman Khan Katrina Kaif Relationship)! কিয়? সম্পৰ্কত ভাঙোন? কিয় ছলমানৰ কাষলৈ গ’ল কেৰটিনা?
চিন্তা নকৰিব! বিকি–কেটৰিনাৰ সম্পৰ্ক ঠিকেই চলিছে। কামৰ বাবেহে ছলমানৰ কাষলৈ গৈছে কেটৰিনা। ছলমান–কেটৰিনা ৰাওনা হৈছে দিল্লীলৈ। আৰম্ভ হৈছে ‘টাইগাৰ থ্ৰী’ৰ বাকী অংশৰ শ্বুটিং। ইতিমধ্যে শ্বুটিং হৈ গৈছে অষ্ট্ৰিয়া, ৰাছিয়া, টাৰ্কি, মুম্বাইত। ছবিৰ শেষ অংশৰ শ্বুটিং হ’ব দিল্লীত।
প্ৰডাকচন টীমৰ এজন সদস্যই জনায়, দিল্লীৰ শ্বুটিং ছেডিউল ১৫ দিনৰ। ‘টাইগাৰ থ্ৰী’ স্পাই থ্ৰিলাৰ। ইয়াত ছলমানক দেখা যাব RAWৰ এজেণ্ট অবিনাশ সিং ৰাথোৰ ওৰফে টাইগাৰৰ চৰিত্ৰত। কেটৰিনা এগৰাকী পাকিস্তানী গুপ্তচৰ, নাম জোৱা হুমাইনী। মনীষ শৰ্মা পৰিচালিত এই ছবিখনত খলনায়কৰ চৰিত্ৰত দেখা যাব ইমৰান হাছমীকো।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|