বলীউদৰ ‘দাবাং’ ছলমান খানৰ নতুন ছবি ‘ভাৰত’ৰ এটা গান আজি মুকলি কৰা হৈছে। ভিডিঅ’টোত ছলমান খানে নিজৰ ল’ৰালি কালৰ পৰা বৃদ্ধকাললৈ নিজৰ কাহিনী বৰ্ণনা কৰিছে। শুকুৰবাৰে (১৭ মে’) মুকলি কৰা হয় ‘জিন্দা’ শীৰ্ষক গীতটো।
গীতটো উন্মোচনৰ উদ্দেশ্যে মুম্বাইত আয়োজন কৰা হয় এক অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থকা সংবাদ মাধ্যমৰ লোকসকলে কেটৰিনা কাঈফৰ পৰা ছবিখনৰ বিষয়ে প্ৰশ্ন কৰিবলৈ লৈ ছলমান খানক ভাইজান সম্বোধন কৰে। তেতিয়া ছলমান খানে কয় মই আপোনাৰ ভাইজান, এওঁৰ (কেটৰিনা) নহয়। ছলমানৰ কথাত অনুষ্ঠানত থকা সকলোৰে মাজত হাঁহিৰ ৰোল উঠে। ছলমান যেতিয়া সোধা হ’ল যে যদি কেটৰিনাই তেওঁক ভাইজান বুলি নামাতে তেন্তে কি বুলি মাতিব? সংবাদ মাধ্যমৰ এই প্ৰশ্নত ছলমানে কয় – মোক ‘মোৰ
ছবিখনত কাহিনীত আছে তেওঁৰ ল’ৰালি কালৰ পৰা বৃদ্ধাৱস্থালৈকে। ইয়াৰ লগতে ভাৰতৰ বিভাজন আৰু ৰাজনৈতিক ইতিহাসৰ কিছু আভাসো পোৱা যাব ছবিখনত।
উল্লেখযোগ্য যে ছলমানৰ এই ছবিখন ঈদৰ বতৰত মুক্তি লাভ কৰিব। ছবিখনত ছলমান খানে ২২ৰ পৰা ৭২ বছৰ বয়সলৈ এটা চৰিত্ৰত দেখা যাব। ৫টা বেলেগ বেলেগ ৰূপত ছবিখনত দেখা যাব ভাইজানক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 17, 2019, 19:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|