আজি আছিল শুভ জন্মদিন। কিন্তু শনিবাৰে নিশা কামোৰ খালে সাপৰ। অভিনেতা ছলমান খানৰ এই দুৰ্ঘটনাৰ খবৰ দেশত নিমিষতে ভাইৰেল হৈ পৰিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলো চিন্তাত ব্যাকুল। কিন্তু যি কি নহওক অভিনেতাগৰাকী এতিয়া সুস্থ। উলহ-মালহেৰে পাতিছে জন্মদিনো। তেওঁ পালভেলৰ ফাৰ্মহাউছৰ জন্মদিন উদযাপন কৰি সংবাদ মাধ্যমৰ সন্মুখত পোজ দিছিল হাস্যবদনে (Salman Khan Birthday Party)।
নায়কজনৰ চিনাকি হাঁহি দেখি অনুৰাগীসকল সুখী। জন্মদিনৰ উপহাৰো আহিছিল বিভিন্নজনৰ পৰা। আহিছিল শুভেচ্ছাবাণীও। অলপতে বিবাহপাশত আবদ্ধ হোৱা কেটৰিনায়ো তেওঁক শুভেচ্ছা জনাইছিল।
সাংবাদিকৰ মুখামুখি হোৱাৰ সময়ত ছলমানে সাপৰ বিষয়টোক লৈও কৈছিল। সংবাদ সংস্থা এএনআইক কয় যে সাপে তেওঁক এবাৰ নহয় তিনিবাৰ কামুৰিছিল (Salman Khan On Snake Bite)। অৱশ্যে চিকিৎসকসকলে কৈছিল যে সাপডাল বিষাক্ত নাছিল। ছলমানৰ দেউতাক চেলিম খানেও সংবাদ মাধ্যমক একেই কথা কৈছিল।
অন্যান্য কথাৰ মাজতে ভাইজানে সংবাদ মাধ্যমৰ আগত ৰগৰ কৰি কয়- "মই মোৰ জন্মদিনত এডাল সাপৰ পৰা প্ৰথম উপহাৰ পালোঁ।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|