পুনৰ আইনী মেৰপেঁচত সোমাইছে ছলমান খান (Salman Khan)। অভিনেতাজনলৈ আহিল আদালতৰ চমন। এইবাৰ ভাইজানৰ বিৰুদ্ধে অভিযোগ কৰিছে সাংবাদিক অশোক পাণ্ডেই। ২০১৯ চনত এই গোচৰ তৰিছিল সাংবাদিকজনে। ৫ এপ্ৰিলত আন্ধেৰি ক’ৰ্টত হাজিৰ হ’ব লাগিব ছলমান।
সংবাদ প্ৰতিষ্ঠান এএনআইৰ সূত্ৰ অনুসৰি, ৫ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ছলমানক। জনা গৈছে, ২০১৯ চনত সাংবাদিকৰ সৈতে অভব্য আচৰণ কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছিল। আইপিচি ৫০৪ আৰু ৫০৬ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ। অৱশ্যে এই বিষয়ে ছলমানে কোনো কথা সদৰি কৰা নাই।
সাধাৰণতে ছলমান খানৰ মেজাজ সকলোৱে জানে। মাজে সময়ে তেওঁক খঙাল ৰূপত দেখা যায়। খঙতে সাংবাদিকক অপদস্থ কৰাৰ ঘটনাও সংঘটিত হৈছে বহুবাৰ। আনকি ছলমান খানে মানা কৰাৰ পিছত ছেলফি ল’বলৈ যোৱা অনুৰাগীৰ সৈতেও বেয়া ব্যৱহাৰ কৰিছিল তেওঁ। আনকি অনুৰাগীৰ ফোন কাঢ়ি নি দলিয়াই পেলোৱাও দেখা গৈছিল।
সাধাৰণ লোকৰ সৈতেই নহয়, তাৰকাৰ সৈতেও মাৰপিট কৰাৰ ঘটনা সংঘটিত কৰিছে ছলমানে। কেটৰিনাৰ জন্মদিনত শ্বাহৰুখ খানৰ সৈতে প্ৰায় মাৰপিটেই কৰিছিল। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত নাছিল মাত–বোল। অৱশ্যে সেই ভুল বুজাবুজি তেওঁলোকে পাহৰি পেলাইছে। ইয়াৰ পূৰ্বেও কৃষ্ণসাৰ মৃগ আৰু নিশা অনিয়ন্ত্ৰিতভাৱে গাড়ী চলোৱাৰ বাবে দীৰ্ঘদিন আদালতলৈ দৌৰিবলগীয়া হৈছিল অভিনেতাজন।
Published by: Sanjay Kumar Das
First published: March 23, 2022, 08:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|