
ছেফ–কৰীনা আৰু টাইমুৰৰ ছবি ভাইৰেল হৈ পৰিছে। লগে লগে আৰম্ভ হৈছে ট্ৰ’ল।
ছেফ–কৰীনা আৰু টাইমুৰৰ ছবি ভাইৰেল হৈ পৰিছে। লগে লগে আৰম্ভ হৈছে ট্ৰ’ল।
- News18
- Last Updated :
মুম্বাইঃ লকডাউন শিথিল হোৱাৰ পিছত নিজৰ ঘৰৰ পৰা আনসকলৰ লগতে বাহিৰলৈ ওলাই আহিছে বহু চেলিব্ৰেটি। কোনোবাই শৰীৰচৰ্চা গৈছে আৰু কোনোবাই পৰিয়ালৰ সৈতে ফুৰিবলৈ। ইয়াৰ মাজতে অভিনেত্ৰী কৰীনা কাপুৰ, স্বামী ছেফ আলী খান আৰু পুত্ৰ টাইমুৰৰ সৈতে ফুৰিবলৈ ওলাল বহুদিনৰ মুৰত। পিছে দেওবাৰে মেৰিন ড্ৰাইভত তিনিও ফুৰিবলৈ যোৱাৰ ফটো ছচিয়েল মিডিয়াত অহাৰ লগে লগে মানুহে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰি দিলে!
দৰাচলতে ভাইৰেল ভায়ানীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফুৰিবলৈ যোৱা ছেফ, কৰীনা আৰু টাইমুৰৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ছবি আৰু ভিডিঅ’ত তিনিওজনে মাস্ক পিন্ধা নাছিল। মানুহৰ তাতেই খং উঠিল! বিশেষকৈ শিশু টাইমুৰক মাস্ক নিপিন্ধাকৈ বাহিৰত লৈ ফুৰাটো হজম নহ’ল বহুতৰ।
![]()
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|