টেলিভিশ্বন (সৰু পৰ্দা)ৰ অন্যতম হিট ধাৰাবাহিক ‘সাথ নিভানা সাথিয়া’ত মুখ্য চৰিত্ৰ ৰূপায়ন কৰা গোপী বহু খ্যাত দেৱলীনা ভট্টাচাৰ্য প্ৰায়েই শিৰোনাম দখল কৰি আহিছে। তেওঁ বিগ বছ ১৩, ১৪ আৰু ১৫ত অংশগ্ৰহণ কৰিছিল। বিগ বছ ১৬ত তেওঁৰ টুইটৰ দ্বাৰা অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। অসমত জন্মলাভ কৰা দেৱলীনা ভট্টাচাৰ্যৰ শেহতীয়াকৈ এটা চমু ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’টোত তেওঁৰ হালধি অনুষ্ঠানৰ কিছুমান দৃশ্যই সকলোকে আচৰিত কৰিছে। এই ফটোবোৰ দেখি অনুৰাগীসকলে অনুমান কৰিছে যে অভিনেত্ৰী দেৱলীনাই অতি শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব। বিশেষ কথাটো হ'ল যে এই ফটোবোৰত তেওঁৰ সৈতে অভিনেতা বিশাল সিঙকো দেখা পোৱা গৈছে। সেইবাবে বহুদিনৰ পৰা অনুৰাগীসকলৰ মনত থকা বিশাল আৰু দেৱলীনাৰ সম্পৰ্কৰ বিষয়ে থকা সন্দেহক সচাঁ হোৱা বুলি ভাবিছে।
অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই অলপতে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত বিবাহৰ হালধি অনুষ্ঠানৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁৰ মুখত হালধি লাগি আছে আৰু বিশাল সিঙক তেওঁৰ সৈতে ফটো সমূহত দেখা গৈছে। এই ফটোবোৰত দুয়োকে বহুত সুখী দেখা গৈছে। কেৱল এয়াই নহয়, ফটোবোৰত হালধিৰ বাহিৰে, দেৱলীনাক হাত আৰু ভৰিত জেতুকা লগোৱা দেখা গৈছে। যেতিয়া অনুৰাগীসকলে এই ফটোবোৰ ভাল পাইছে আৰু সকলোৱে তেওঁলোকক বিবাহৰ প্ৰশ্ন সুধিছে।
হালধিৰ ফটোৰ উপৰিও, অভিনেতা বিশাল সিঙে দেৱলীনাৰ সৈতে ইনষ্টাগ্ৰামত এটা ৰিল শ্বেয়াৰ কৰিছে , য'ত দুয়োয়ে হালধীৰ পৰ্ব আনন্দৰে উদযাপন কৰি থকা কৰা দেখা গৈছে, আনহাতে দেৱলীনাক নৃত্য কৰাও দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ'টোৰ পৃষ্ঠভূমিত (বেকগ্ৰাউণ্ড), ‘চোক্ৰা জাৱান ৰে’ গানটো বজোৱা হৈছে। অনুৰাগীসকলে এই ভিডিঅ'টোত প্ৰশ্ন কৰিছে যে এইটো তেওঁলোক দুয়োৰে আহিবলগীয়া মিউজিক ভিডিঅ'ৰ অংশ নেকি। কিয়নো ইয়াৰ পূৰ্বে, দেৱলীনাই বিশালৰ সৈতে তেওঁৰ আঙঠি পিন্ধোৱা (এংগেজমেণ্ট)ৰ প্ৰচাৰ কৰিছিল আৰু আঙুঠিটো প্ৰদৰ্শন কৰা দেখা গৈছিল, যিটো তেওঁৰ নতুন মিউজিক ভিডিঅ'ৰ অংশ আছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 14, 2022, 10:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।