৯৫ তম একাডেমী বঁটা লছ এঞ্জেলছৰ ড’লবি থিয়েটাৰত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত RRRৰ ‘নাটু নাটু’ গীতে ‘BEST ORIGINAL SONG’ অস্কাৰ বঁটা লাভ কৰিছে। লাভ দল ৰাম চৰণ, জুনিয়ৰ এনটিআৰ, এছ এছ ৰাজামৌলী, আৰু এমএম কীৰাৱানীয়ে অস্কাৰ বঁটা অনুষ্ঠানত উপস্থিত হৈছে। তেওঁলোকৰ চলচ্চিত্ৰৰ গীত ‘নাটু নাটু’ শ্ৰেষ্ঠ মূল গীতৰ শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
অস্কাৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে ভাৰতীয় গীত পৰিৱেশন কৰা হয়। অভিনেত্ৰী আৰু নৃত্যশিল্পী লৰেন গটলিয়েবে অস্কাৰৰ মঞ্চত নাটু নাটু গীতত নৃত্য প্ৰদৰ্শনৰ কৰে। গায়ক ৰাহুল চিপ্লিগঞ্জ আৰু কালা ভৈৰাভাই অস্কাৰ ২০২৩ ত RRRৰ ‘নাটু নাটু’ নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত Standing ovation (সকলোৱে দৰ্শকে থিয় হৈ প্ৰশংসা কৰে) লাভ কৰিছে।
এই বছৰ, বঁটা প্ৰদান অনুষ্ঠানটো ভাৰতীয় দৰ্শকৰ বাবে ১৩ মাৰ্চৰ পুৱা ৫ বাজি ৩০ মিনিটৰ পৰা অ'টিটি প্লেটফৰ্ম ডিজনী+হটষ্টাৰত লাইভ ষ্ট্ৰীম কৰা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 13, 2023, 14:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।