
খেলপথাৰত আকৌ দেখিবলৈ পোৱা গ’ল ৰিয়ান পৰাগৰ বিহু নৃত্য
খেলপথাৰত আকৌ দেখিবলৈ পোৱা গ’ল ৰিয়ান পৰাগৰ বিহু নৃত্য
খেলপথাৰত আকৌ দেখিবলৈ পোৱা গ’ল ৰিয়ান পৰাগৰ বিহু নৃত্য। চলিত আই পি এলত দেওবাৰে ছানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে খেলত ৰাজস্থান ৰয়েলছে জয়লাভ কৰাৰ পিছত আনন্দত আত্মহাৰা হৈ এনেদৰে বিহু নৃত্য কৰে ৰিয়ানে। মেচখনত ৰিয়ান পৰাগে খেলে বিস্ফোৰক ইনিংছ। মাত্ৰ ২৬টা বলতে ৪২ ৰানৰ ইনিংছ খেলি ৰাজস্থানৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ৰিয়ান পৰাগে।
উল্লেখযোগ্য যে, চলিত আই পি এলত ৰিয়ান পৰাগে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল। প্ৰায় প্ৰতিখন খেলতে ব্যৰ্থ হৈ ৰিয়ানে স্থান হেৰুৱাইছিল দলত। কিন্তু দেওবাৰে ছানৰাইজ হায়দৰাবাদৰ সৈতে হোৱা মেচত দললৈ প্ৰত্যাৱৰ্তন কৰি বিস্ফোৰক ইনিংছ খেলে ৰিয়ানে।
মেচখনত প্ৰথমে বেট ধৰি ছানৰাইজ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ১৫৮ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ অধিনায়ক ডেভিদ ৱাৰ্নাৰে ৪৮ ৰান, মনীষ পাণ্ডেই ৫৪ ৰানৰ ইনিংছ খেলে। ১৫৯ ৰানৰ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা ৰাজস্থান ৰয়েলছে কিছু মন্থৰ আৰম্ভণি কৰিছিল যদিও পিছলৈ সঞ্জু চেমচন, ৰিয়ান পৰাগ আৰু ৰাহুল তেৱাটিয়াৰ বিস্ফোৰক বেটিঙৰ সহায়ত এটা বল বাকী থকা অৱস্থাতে লক্ষ্যত উপনীত হয়। শেষৰ বলটোত ছয় কোবাই ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক দিয়ে জয়ৰ সোৱাদ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|