বলীউদৰ অভিনেত্ৰী ৰিয়া সেনৰ আজি ৪২সংখ্যক জন্মদিন (Riya Sen Birthday)। অভিনেত্ৰীগৰাকীৰ জন্ম ২৪ জানুৱাৰী ১৯৮১ত পশ্চিম বংগৰ কলকাতাত হৈছিল। অভিনেত্ৰীগৰাকীৰ পিতৃ ভাৰত দেৱবৰ্মাৰ ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সৈতে সম্পৰ্ক আছিল। তেওঁৰ পিতৃ ভাৰত দেৱ কোচবিহাৰৰ ৰাজকুমাৰী ইলা দেৱীৰ পুত্ৰ আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা আছিল। ইফালে, অভিনেত্ৰীগৰাকী ৰিয়া সেনৰ মাতৃ মুনমুন সেন আৰু আইতাক সুচিত্ৰা সেনো অভিনেত্ৰী আছিল। ৰিয়া সেনে নিজৰ কেৰিয়াৰৰ আৰম্ভণি ৫ বছৰ বয়সতে কৰিছিল। তেওঁ প্ৰথমবাৰ নিজৰ মাতৃ মুনমুন সেনৰ সৈতে কন্যাৰ ভূমিকাত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ১৯৯১ চনত ‘বিষকন্যা’ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।
বলীউদ কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ষ্টাইল, ঝংকাৰ বিট্ছ, মালায়ালম হৰৰ ফিল্ম অনন্তাভাদ্ৰম, নৌকা ডুবিৰ দৰে ছবিত কাম কৰিছে। তেওঁ নৌকা ডুবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত ষ্টাৰ গাইড পুৰস্কাৰ লাভ কৰিছিল। অভিনেত্ৰীগৰাকীক অন্তিমবাৰৰ বাবে ‘ৰব্বা মে ক্যা কৰু’ ছবিত দেখা গৈছিল। তেওঁ হিন্দী, বেংগলী, ইংৰাজী, তামিল আৰু তেলুগু ভাষাৰ ছবিত কাম কৰিছে। অৱশ্যে তেওঁৰ ছবি জগতৰ কেৰিয়াৰ বিশেষ নাছিল, কিন্তু নিজৰ ছুটি কেৰিয়াৰত বিতৰ্কত সাঙোৰ খাই আছিল। ৰিয়া সেনক বলীউদৰ কন্ট্ৰ’ভাৰ্ছী কুইন বুলি কোৱা হৈছিল। তেওঁ ছবিৰ বাবে কম, বিতৰ্কৰ বাবেহে অধিক চৰ্চাত আছিল।
![]()
অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ জৰিয়তে অস্মিত পেটেলৰ সৈতে সম্পৰ্কক লৈ চৰ্চাত আছিল। দুয়োৰে এক এমএমএছ লীক হৈছিল। এই ঘটনাৰ পিছত তেওঁৰ কেৰিয়াৰ প্ৰায় শেষ হৈছিল। ইয়াৰ উপৰি ৰিয়া সেনৰ বিতৰ্কৰ তালিকাত আন এক বাবাদো আছে। আচলতে ৰাগিনী এমএমএছ ৰিটাৰ্নৰ ছেটত সহকৰ্মীয়ে অভিনেত্ৰীগৰাকীৰ কাপোৰ খোলাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ উপৰি ২০১৬ত এক পাৰ্টীত কোনো ছোৱালীক চুম্বন কৰাক লৈও চৰ্চা চলিছিল। এই ঘটনাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।
আৰু পঢ়ক : কে এল ৰাহুল আৰু আথিয়া চেট্টীৰ ভিতৰত কোন আটাইতকৈ শিক্ষিত জানক২০১৩ৰ পিছত বলীউদত দেখা যোৱা নাই এই অভিনেত্ৰীগৰাকীক। অৱশ্যে ছচিয়েল মিডিয়াত সক্ৰিয় থাকে ৰিয়া। প্ৰায়ে নিজৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকী বৰ্তমান ৪২ বছৰীয়া। কিন্তু এতিয়াও নিজকে সম্পূৰ্ণ স্বাস্থ্যবান কৰি ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|