ৰাখী সাৱন্তৰ (Rakhi Sawant) স্বামী ৰিতেশে (Ritesh) শেহতীয়াকৈ ‘বিগ বছ ১৫’ (Bigg Boss 15)ৰ পৰা বাহিৰ হৈছে। য’ত তেওঁ ৰাখী সাৱন্তৰ সৈতে নিজৰ বিয়াৰ সত্যতাও প্ৰকাশ কৰে। ইমানেই নহয়, তেওঁ প্ৰথমা পত্নী স্নিগ্ধা প্ৰিয়াৰ দ্বাৰা কৰা ঘৰুৱা হিংসা আৰু মাৰপিটৰ অভিযোগৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ৰিতেশে মিডিয়াৰ আগত দিয়া সাক্ষাৎকাৰত ৰাখী সাৱন্তৰ সৈতে বেয়া ব্যৱহাৰৰ ৰহস্যও প্ৰকাশ কৰে। ৰিতেশে কয় যে সেয়া তেওঁৰ গেম প্লানৰ অংশ আছিল যাতে সকলোৱে ভাৱে যে তেওঁ ৰাখীৰ সৈতে বেলেগ ধৰণৰ গেম খেলি আছে। অৱশ্যে ছলমান খানে ৰাখীৰ সৈতে এনেধৰণৰ ব্যৱহাৰৰ বাবে ৰিতেশক বেয়াকৈ কটাক্ষ কৰিছিল।
সংবাদ মাধ্যমক ৰিতেশে প্ৰথমা পত্নীৰ সৈতে এতিয়াও তালাক নোহোৱাৰ কথা স্বীকাৰ কৰি কয়, হয় আমাৰ এতিয়াও তালাক হোৱা নাই। যিসকলে ভাৱে যে মই ভুল, তেওঁলোকে মোৰ কথাও শুনা উচিত। এগৰাকী মহিলাই এজন লোকৰ ওপৰত অভিযোগ কৰিছে, তাৰ অৰ্থ এয়া নহয় যে সেই লোকজন ভুল। মই নিজৰ ব্যক্তিগত জীৱনক লৈ এতিয়ালৈ নীৰৱ হৈ আছো। নিজৰ সন্তানৰ বাবেও মই মনে মনে আছো। তেওঁৰ মোৰ জীৱন নষ্ট কৰি পেলাইছে আৰু মই মোৰ সন্তানৰ সেয়া হোৱাটো নিবিচাৰো।
ৰাখী সন্দৰ্ভত ৰিতেশে কয় যে আমাৰ কোনো আনুষ্ঠানিক বিয়া বা ক’ৰ্ট মেৰেজ হোৱা নাছিল। আমি ঈশ্বৰক সাক্ষী কৰি নিজৰ ৰিলেচনশ্বিপ আগবঢ়াইছো। ৰাখীৰ সৈতে মোৰ মনৰ সম্পৰ্ক আছে। ৰাখীয়ে মোক স্বামী মানে আৰু মই তেওঁক পত্নী হিচাপে মানো। মোৰ তলাক হোৱাৰ পিছত মই ৰাখীক বিয়া পাতিম। ৰাখীয়ে মোক তেতিয়া সমৰ্থন কৰিছিল যেতিয়া মই ব্যক্তিগত জীৱনত সমস্যাত পৰিছিলো। সেই সময়ত মই পাগল হৈ গ’লোহেঁতেন বা সুৰাসক্ত।
ৰিতেশে কয় যে যেতিয়া জুলাইত তেওঁ ৰাখীক এখন হোটেলত লগ পাইছিল তাৰ পৰাই প্ৰেম হৈছিল। ৰাখীৰ সৈতে প্ৰথমবাৰ ২০১৯ত কথা হৈছিল হোৱাট্ছএপত। সেই বছৰৰে ২৮ জুলাইত ৰিতেশ আৰু ৰাখীয়ে বিয়া পাতে।
ৰিতেশে প্ৰথমা পত্নী স্নিগ্ধাপ্ৰিয়াই তেওঁৰ বিৰুদ্ধে কৰা সকলো অৱিযোগ মিছা বুলি উল্লেখ কৰি কয় যে তেওঁৰ দাবী মিছা প্ৰমাণিত কৰিবলৈ মোৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে। তেওঁ যি অভিযোগেই নকৰক, শেষত গৈ মোৰ উপাৰ্জনলৈ আহি পৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Sanjay Kumar Das
FIRST PUBLISHED : December 21, 2021, 15:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।