• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Bollywood: ৰিয়া চক্ৰৱৰ্তীৰ পোষ্ট- 'অন্ধকাৰৰ পাছতহে সদায় পোহৰ হয়', তেওঁক দেখা যাব নতুন চলচ্চিত্ৰত

Bollywood: ৰিয়া চক্ৰৱৰ্তীৰ পোষ্ট- 'অন্ধকাৰৰ পাছতহে সদায় পোহৰ হয়', তেওঁক দেখা যাব নতুন চলচ্চিত্ৰত

নষ্টালজিয়াই আগুৰি ধৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক, শেহতীয়াকৈ শ্বেয়াৰ কৰিছে কিছুমান অনুপ্ৰেৰণামূলক টোকা।

নষ্টালজিয়াই আগুৰি ধৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক, শেহতীয়াকৈ শ্বেয়াৰ কৰিছে কিছুমান অনুপ্ৰেৰণামূলক টোকা।

নষ্টালজিয়াই আগুৰি ধৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক, শেহতীয়াকৈ শ্বেয়াৰ কৰিছে কিছুমান অনুপ্ৰেৰণামূলক টোকা।

  • Share this:

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ (Sushant Singh Rajput) প্ৰেমিকা তথা বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty)ক বৰ্তমান সময়ত খুবেই সক্ৰিয় ৰূপত দেখা যায় ছ'চিয়েল মিডিয়াত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত পোহৰলৈ অহা ড্ৰাগছৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা ৰিয়া বৰ্তমান জামিনত আছে। যোৱাটো বছৰ ৰিয়াৰ বাবে যথেষ্ট কঠিন আছিল। এনে পৰিস্থিতিত তেওঁ নিজকে ইতিবাচক ৰূপে গঢ়ি তুলিবলৈ যথেষ্ট চেষ্টা কৰি আছে। শেহতীয়াকৈ এইগৰাকী অভিনেত্ৰীয়ে কিছুমান অনুপ্ৰেৰণামূলক টোকা শ্বেয়াৰ কৰিছে আৰু যিবোৰ ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে তেওঁ শৈশৱৰ এখন ছবিও শ্বেয়াৰ কৰিছে।


ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty) পুনৰ ইনষ্টাগ্ৰামত সক্ৰিয় হৈ পৰিছে। শেহতীয়াকৈ পিতৃ দিৱস আৰু সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত তেওঁ পোষ্ট কৰাৰ পিছত ইনষ্টা ষ্ট'ৰীত অনুপ্ৰেৰণামূলক টোকাসহ নিজৰ এখন বহু বছৰ পুৰণি ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁ লিখিছিল, 'আৰু ঠিক তেনেদৰে... তেওঁ ধুমুহাৰ সন্মুখীন হৈছিল, কিয়নো সদায় অন্ধকাৰৰ পাছতহে পোহৰ হয়।' ইয়াৰ সৈতে ৰিয়াই শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য'ত তাই খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে। তেওঁ লিখিছিল, 'মই ভাবিছিলো যে মায়ে মোক খোজ কাঢ়িবলৈ শিকাইছে, কিন্তু কোনে জানিছিল যে মই উৰিবলৈ শিকিম।'


ৰিয়াৰ এই পোষ্টটো এতিয়া সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে। ইয়াৰ পূৰ্বে তেওঁ নিজকে সৈনিকৰ কন্যা বুলি উল্লেখ কৰি পিতৃৰ সৈতে এখন পুৰণি ফটো শ্বেয়াৰ কৰাৰ লগতে এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য'ত তেওঁ কঠিন সময়ৰ কথাও উল্লেখ কৰিছিল আৰু ইয়াৰ বাবে অনুশোচনা কৰাও দেখা গৈছিল।


অনাগত দিনত ৰিয়া চক্ৰৱৰ্তীক 'চেহৰে' বোলছবিখনত দেখা যাব। ছবিখনত তেওঁৰ লগতে অমিতাভ বচ্চন আৰু ইমৰান হাছমীকো দেখা যাব। ছবিখন ৰুমী জাফৰীয়ে পৰিচালনা কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত পৰিচালক ৰুমীয়ে ৰিয়াক ভূয়সী প্ৰশংসা কৰে আৰু কয় যে ছবিখনত ৰিয়া চক্ৰৱৰ্তীৰ কাম বহুত ভাল হৈছে। উল্লেখ্য যে ছবিখনৰ পোষ্টাৰত কিন্তু বৰ্তমানলৈকে ৰিয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আনকি ছবিৰ ট্ৰেইলাৰতো তেওঁক মাত্ৰ কিঞ্চিত দেখুওৱা হৈছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি