আজি অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ওপজা দিন। ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে। বিভিন্নজনে প্ৰিয় অভিনেতাজনৰ লগত ফটো আপলোড কৰি শুভেচ্ছা বাৰ্তা দিছে।
মুনিন বৰুৱা পৰিচালিত ‘হিয়া দিয়া নিয়া’ ছবিখনেৰে অসমীয়া ছবি জগতত প্ৰৱেশ কৰিছিল ৰবি শৰ্মাই। ‘হিয়া দিয়া নিয়া’ ছবিখনত কৰা অভিনয়ৰ বাবে যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছিল তেওঁ। নিজৰ প্ৰতিভাৰে সদায় দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেতাজনে।
অভিনয়ৰ লগতে শৰীৰক লৈও খুব সচেতন ৰবি শৰ্মা। প্ৰতিদিনেই পুৱা অভিনেতাগৰাকীয়ে কৰে যোগাসন। খোৱা-বোৱাক লৈও খুউব সচেতন এইজন অভিনেতা।
সম্প্ৰতি ৰবি শৰ্মাই নিজৰ আহিবলগীয়া ছবি ‘ৰঘুপতি’ৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে। অভিনেতাজনে ’ৰঘুপতি’ ৰ লগত জড়িত বহুতো ফটো শ্বেয়াৰ কৰি আছে সামাজিক মাধ্যমত। এই ছবিখনত অৰুণ নাথ, প্ৰীতিকংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাৰ লগতে ন–পুৰণি বিভিন্ন শিল্পীৰ অভিনয় দেখা যাব। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাই বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি আছে।
- First Published :