আকৌ এবাৰ বক্স অফিছত খলকনি তুলিবলৈ সাজু হৈছে কানাড়া অভিনেতা য়শ। বিগত বৰ্ষত KGF ছবিৰে বক্স অফিছত ধুমুহাৰ সৃষ্টি কৰা য়শে এইবাৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে KGF ছবিখনৰ ছিকুৱেল KGF-2।
অহা ৬ জুন তাৰিখৰ পৰা আৰম্ভ কৰা হ’ব ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ। সকলো থিকে থাকিলে চলিত বৰ্ষৰ পূজাৰ সময়ত মুক্তি লাভ কৰিব KGF: Chapter 2 ছবিখনে।
ছবিখনৰ সবাতোকৈ চৰ্চিত খবৰ অনুসৰি ছবিখনত এটা মুখ্য ভুমিকাত দেখা যাব বলিউডৰ ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক।
ৰবীনাই ছবিখনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব বুলি এতিয়া চলিছে চৰ্চা। সেইদৰে ছবিখনত অন্য এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব অভিনেতা সঞ্জয় দত্তক। কিন্তু এই খবৰ কিমান সত্য ছবিখনত থাকিব লগীয়া চৰিত্ৰ সমূহৰ ‘Official Confirmation’ৰ পিছত।
Published by: Dulu Medhi
FIRST PUBLISHED : June 03, 2019, 22:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।