লাডাখৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবিৰ গীত ‘ৰাতি ৰাতি’! গীতৰ ভিডিঅ’ বলীউডৰ বিগবাজেট ছবিতকৈও নহয় কোনো গুণে কম! অসমীয়া ছবিলৈ যেন এক নতুনত্ব আনিছে গীতটোৱে। গীতটোত অভিনয় কৰিছে অসমীয়া ছবিৰ ছুপাৰহীট যুটি যতীন বৰা আৰু বৰষা ৰাণী বিষয়াই।
আকৌ নতুন ৰূপেৰে ছবি জগতলৈ উভতি আহিছে অভিনেতা যতীন বৰা। অধিনায়ক ছবিৰ পিছত সুদীৰ্ঘ ৯ বছৰৰ বিৰতিৰ পিছত যতীন বৰাই পৰিচালনা কৰিছে নতুন ছবি ‘ৰত্নাকৰ’। JB Production ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে নৱনীতা শৰ্মা আৰু যতীন বৰাই নিজে। সৰ্বদিশতে নতুনত্ব আনিবলৈ চেষ্টা কৰা যতীন বৰাৰ ৰত্নাকৰ ছবিৰ প্ৰতি এতিয়া অধিক আগ্ৰহী অসমৰ চলচিত্ৰ প্ৰেমী।
ছবিখনৰ গীত আৰু টিজাৰৰ যোগেদি ছবি খনৰ প্ৰতি অসমৰ ছবি অনুৰাগীৰ যি উৎসুকতা আছিল, সেই উৎসুকতা যেন এতিয়া দুগুণে বৃদ্ধি কৰিছে ছবিখনৰ সদ্য মুক্তি প্ৰাপ্ত ‘ৰাতি ৰাতি’ শীৰ্ষক গীতৰ ভিডিঅ’টোৱে।
শনিবাৰে Youtube যোগে মুক্তিদিয়া গীতটোৱে মুক্তিৰ ২৪ ঘণ্টা নহওতেই অতিক্ৰম কৰিছে প্ৰায় ‘350k Viewers’ ৰ ঘৰ। অহা ১১ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনে যে দৰ্শকৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিব সেইটো প্ৰায় নিশ্চিত!
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 04, 2019, 16:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|