বলীউডৰ তাৰকাসকলৰ বিমানবন্দৰৰ ফটোক লৈ কৌতুহল হৈ থাকে মিডিয়া। সকলোৱে জানিবলৈ আগ্ৰহী হৈ থাকে যে কোন ক'লৈ গৈ আছে আৰু পৰৱৰ্তী সময়ত কোন যাব। লগতে তাৰকা,কলৰ ফেশ্বন বা ষ্টাইল ষ্টেটমেণ্ট, তেওঁলোকৰ সাজ-পোছাক আদিও আলোচনাৰ বিষয় হৈ পৰে। আগৰ দিনত এনেবোৰ কথা ফুচফুচনি আৰু উৰাবাতৰিৰ মাজতেই দমন কৰা হ'লহেঁতেন। কিন্তু এতিয়া শক্তিশালী ছচিয়েল মিডিয়াৰ হাতত এটা শক্তিশালী অস্ত্ৰ আহিছে। আৰু সেইটোৰ নাম হৈছে ট্ৰ'ল। ডাঙৰ ডাঙৰ চেলিব্ৰিটীকো এই অস্ত্ৰৰ দ্বাৰা চূৰ্ণ-বিচূৰ্ণ কৰা হৈছে আৰু ৰশ্মিকা মান্দান্না (Rashmika Mandanna) হৈছে নৱজাত তাৰকাহে।
কিন্তু হঠাতে ৰশ্মিকাৰ প্ৰসংগই বা আহিল কিয়? কাৰণ শেহতীয়াকৈ ৰশ্মিকা নিজৰ বিমানবন্দৰ লুকৰ বাবে ভয়ানকভাৱে ট্ৰ'লৰ সন্মুখীন হৈছে। ৰশ্মিকাই কিছুদিন আগতে বিমানবন্দৰলৈ আহিছিল। ৰশ্মিকাই এটা ডাঙৰ আকাৰৰ ছুৱেটছাৰ্ট আৰু ডেনিম শ্বৰ্ট পিন্ধিছিল। আচলতেই কি শ্বৰ্ট পিন্ধিছিল? হয়, নেটিজেনসকলে ইয়াতেই সন্দেহ প্ৰকাশ কৰিছে। কাৰণ সেই শ্বৰ্টটো ইমানেই শ্বৰ্ট আছিল যে চকুতেই নপৰে। তেওঁৰ ভৰিত ফ্লিপ ফ্লপ, মূৰত লিলাক ৰঙৰ টুপী আৰু এখন ক'লা মাস্ক পিন্ধি আছিল। অৱশ্যে এইবোৰক লৈ কোনো প্ৰশ্ন নাছিল যদিও ৰশ্মিকাৰ ডেনিম শ্বৰ্টটো খুবেই দৃষ্টিকটূ যেন লাগিছিল। বহুতে ইতিকিং কৰিছিল আৰু সুধিছিল যে নায়িকাগৰাকীয়ে সঁচাকৈয়ে এইটো পিন্ধিছে নেকি!
ৰশ্মিকাৰ সময় এতিয়া অতি ভাল চলি আছে। আল্লু অৰ্জুন (Allu Arjun)ৰ বিপৰীতে পুষ্পা দ্য ৰাইজ (Pushpa The Rise) ছুপাৰ-ডুপাৰ হিট হৈছে। এইকাৰণেই ৰশ্মিকাৰ সফলতাই মূৰত ধৰিছে নেকি? যাৰ বাবে তেওঁ আনকি নিম্নতম শালীনতাৰ সৌজন্যকনো ত্যাগ কৰিছিল? দৰাচলতে, আনকি বলীউডৰ বিখ্যাত নায়িকাসকলেও এনে পোছাক পিন্ধাৰ আগতে দহবাৰ চিন্তা কৰে। আৰু ৰশ্মিকাই সৌ সিদিনা মাত্ৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছেহে।
ৰশ্মিকাৰ এই ভিডিঅ'টো ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ পিছতে, বিভিন্ন মন্তব্য আহিবলৈ আৰম্ভ কৰে। এজন নেটিজেনে লিখিছিল যে ৰশ্মিকাই ঠাণ্ডা অনুভৱ নকৰে নেকি? আন এজনে মন্তব্য কৰিছিল যে তেওঁ হয়তো তেওঁৰ পেণ্ট পিন্ধিবলৈ পাহৰি গৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|