মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »...ৰশ্মিকা মন্দান্নাৰ চকু গ'ল বিকি কৌশলৰ আণ্ডাৰৱেৰ ষ্ট্ৰিপলৈ, আৰম্ভ হৈ গ'ল বিতৰ্কৰ ধুমুহা

...ৰশ্মিকা মন্দান্নাৰ চকু গ'ল বিকি কৌশলৰ আণ্ডাৰৱেৰ ষ্ট্ৰিপলৈ, আৰম্ভ হৈ গ'ল বিতৰ্কৰ ধুমুহা

অৱশ্যে, কিছুমান অনুৰাগীয়ে ৰশ্মিকাই বিকি কৌশলৰ সৈতে একেখন পৰ্দাত স্থান পোৱাত সুখীও হৈছে।

অৱশ্যে, কিছুমান অনুৰাগীয়ে ৰশ্মিকাই বিকি কৌশলৰ সৈতে একেখন পৰ্দাত স্থান পোৱাত সুখীও হৈছে।

অৱশ্যে, কিছুমান অনুৰাগীয়ে ৰশ্মিকাই বিকি কৌশলৰ সৈতে একেখন পৰ্দাত স্থান পোৱাত সুখীও হৈছে।

  • Share this:

অভিনেত্ৰী ৰশ্মিকা মনদান্না শেহতীয়াকৈ এটা বিজ্ঞাপনৰ বাবে বাৰুকৈয়ে বিতৰ্কৰ মাজত সোমাই পৰিছে। এই বিতৰ্ক অৱশ্যে হৈছে তেওঁৰ অনুৰাগী মাজত। বিকি কৌশলৰ সৈতে আণ্ডাৰগাৰ্মেণ্ট ব্ৰেণ্ড মাচোৰ এটা বাণিজ্যিক বিজ্ঞাপনে ছ'চিয়েল মিডিয়াত তুমুল বিতৰ্কৰ সৃষ্টি কৰে।


এই বিজ্ঞাপনত ৰশ্মিকা এগৰাকী ফিটনেছ প্ৰশিক্ষক আৰু বিকি কৌশল আনসকলৰ মাজত এগৰাকী শিক্ষাৰ্থী। ফিটনেছৰ শিক্ষা দি থকা ৰশ্মিকাই এক, দুই, তিনি গণনা কৰোঁতে চকু পৰে বিকি কৌশলৰ আণ্ডাৰৱেৰ ষ্ট্ৰিপত। তাৰ পিছতে তেওঁ চাৰি উচ্চাৰণ নকৰি ৩.১, ৩.২, ৩.৩ গণনা আৰম্ভ কৰে। আণ্ডাৰৱেৰ ষ্ট্ৰিপলৈ চকু যোৱা মনদান্নাই পুনৰ ষ্ট্ৰিপ চাবলৈ দ্বিতীয় দিনাও এটা কৌশল কৰে। এয়া বিজ্ঞাপনৰ বাবে কৰা অভিনয় যদিও এই বিজ্ঞাপনক লৈ এতিয়া সামাজিক মাধ্যমত সমালোচিত হৈছে অভিনেত্ৰী মনদান্না। নেটিজেনৰ মত যে ইয়াৰ মান অতি নিম্ন আৰু ই সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰি আছে।


"আমুল মাচোৰ বিজ্ঞাপনটো ভয়ংকৰ আছিল। এই সস্তীয়া বিজ্ঞাপন আপোনাৰ পৰা আশা কৰা নাযায় গীতা" টুইটাৰত টাকুৰ দাস চোনীয়ে লিখে এইদৰে।





"আজিকালি আণ্ডাৰৱেৰ বিজ্ঞাপনৰ নামত কি চলি আছে। প্ৰথম লাক্স কোজি বিজ্ঞাপনে টিভিত যি অস্বস্তি সৃষ্টি কৰিছিল, এতিয়া মাচো বিজ্ঞাপনটোও একে পথত গৈ আছে। আণ্ডাৰৱেৰ, ডিঅ'ডৰেণ্ট কোম্পানীৰ প্ৰচাৰ নামত কি ঘটিছে।" আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে এইদৰে।





যদিও ছ'চিয়েল মিডিয়াত বেছ প্ৰতিক্ৰিয়া হৈছে, ব্ৰেণ্ড বা বিজ্ঞাপন সংস্থাই এতিয়ালৈকে সমালোচনাৰ সঁহাৰি দিয়া নাই।


অৱশ্যে, কিছুমান অনুৰাগীয়ে ৰশ্মিকাই বিকি কৌশলৰ সৈতে একেখন পৰ্দাত স্থান পোৱাত সুখীও হৈছে। তেওঁলোকে সোনকালেই এই সংমিশ্ৰণত এখন চলচ্চিত্ৰও আশা কৰিছে।

শেহতীয়া বাতৰি