ৰণবীৰ সিঙে (Ranveer Singh) এইবাৰ কৰৱাচৌথ (Karwa Chouth)ত দীপিকা পাডুকনক (Deepika Padukone) বিগ ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰিছে। কৰৱাচৌথ উপলক্ষে পত্নীয়ে তেওঁৰ স্বামীৰ বাবে পালন কৰা সকলো ৰীতি-নীতি পালন কৰিব ৰণবিৰে!
ৰণবীৰ সিঙে (Ranveer Singh) এইবাৰ কৰৱাচৌথ (Karwa Chouth)ত দীপিকা পাডুকনক (Deepika Padukone) বিগ ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰিছে। কৰৱাচৌথ উপলক্ষে পত্নীয়ে তেওঁৰ স্বামীৰ বাবে পালন কৰা সকলো ৰীতি-নীতি পালন কৰিব ৰণবিৰে!
ৰণবীৰ সিঙে (Ranveer Singh) আকৌ এবাৰ তেওঁৰ পত্নী আৰু বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ (Deepika Padukone) প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ লৈছে এক অনন্য পন্থা। কৰৱাচৌথত মহিলাসকলে তেওঁলোকৰ স্বামীৰ দীঘলীয়া জীৱনৰ বাবে উপবাস কৰে আৰু তেওঁলোকৰ হাতত স্বামীৰ নামত মেহেন্দী আঁকে। কিন্তু ৰণবীৰ সিঙে এই কৰৱাচৌথত দীপিকাৰ নামত মেহেন্দী আঁকিছে। কেৱল সেয়াই নহয়, নিজৰ প্ৰিয় পত্নীৰ বাবে উপবাসো পালন কৰিব ৰণবীৰে। এই কথা ৰণবীৰে 'দ্য বিগ পিকচাৰ'ত প্ৰকাশ কৰিছে।
ৰণবীৰ সিঙে কালাৰছত আহিবলগীয়া ৰিয়েলিটি শ্ব' 'দ্য বিগ পিকচাৰ' সম্পূৰ্ণ উদ্যমেৰে পৰিচালনা কৰিছে। আহিবলগীয়া অনুষ্ঠানটোত কৰৱাচৌথৰ বিশেষ খণ্ডটো দেখুওৱা হ'ব। খণ্ডটোত টিভি অনুষ্ঠান 'উড়াৰিয়াঁ'ৰ অভিনেত্ৰী প্ৰিয়ংকা চৌধুৰী আৰু 'ছোটি চৰ্দাৰণী'ৰ নিম্ৰত কৌৰ আহলুৱালিয়াক দেখুওৱা হ'ব। ৰণবীৰৰ ভিডিঅ'টো কালাৰ্ছৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে য'ত প্ৰিয়ংকা আৰু নিম্ৰত কৌৰক ৰণবীৰৰ হাতত দীপিকা পাডুকনৰ নামত মেহেন্দী লগোৱা দেখা গৈছে। ৰণবীৰকো অতি আনন্দেৰে মেহেন্দী লগোৱা দেখা গৈছে।
অনুষ্ঠানটোৰ পৰা এইটোও জনা গৈছে যে ৰণবীৰে ব্ৰত ৰাখিব। কৰৱাচৌথৰ সময়ত দীপিকাক ছাৰপ্ৰাইজ দিবলৈ গৈ আছে ৰণবীৰে। কোৱা বাহুল্য যে ৰণবীৰে প্ৰায়েই অনুষ্ঠানটোৰ সময়ত পত্নী দীপিকাৰ কথা উল্লেখ কৰা দেখা যায়। শেহতীয়াকৈ এটা খণ্ডত ৰণবীৰে কৈছিল যে 'যদি মই দীপিকাৰ দৰে এজনী কন্যা সন্তান পাওঁ, মোৰ জীৱন সাৰ্থক বুলি ভাবিম।'
বলীউডৰ অন্যতম বিখ্যাত দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ ২০১৮ চনত ইটালীত বিবাহ হৈছিল। ইয়াৰ পিছত ভাৰতত আড়ম্বৰপূৰ্ণভাৱে অভ্যৰ্থনা অনুষ্ঠান কৰা হৈছিল য'ত চলচ্চিত্ৰ জগত আৰু ৰাজনীতিৰ প্ৰসিদ্ধ ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল।
Published by: Manjumoni Borah
First published: October 23, 2021, 22:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|