এটা সময়ত ৰে’লৱে ষ্টেশ্যনত খুজি–মাগি খাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল ৰাণু মণ্ডল নামৰ মহিলাগৰাকীয়ে। সেই ৰূপতে কোকিলকণ্ঠী লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা হ্যে’ নামৰ এটি চিৰসেউজ গীত গাই থকাৰ ভিডিঅ’ অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ ব্যক্তিজনে ছচিয়েল মিডিয়াত এৰি দিয়াৰ পিছতে ভাগ্য সলনি হৈ পৰিছিল ৰাণু মণ্ডল নামৰ মহিলাগৰাকীৰ। লতা মংগেশকাৰৰ সেই গীতটিত দিয়া কণ্ঠৰ বলতে ৰাণুৱে এতিয়া হিমেশ ৰেশামিয়াৰ সৈতেও কাম কৰি আছে। এক প্ৰকাৰ ছচিয়েল মিডিয়াৰ জোৱাৰ হৈ পৰা ৰাণু মণ্ডলৰ সফলতাৰ খবৰে স্পৰ্শ কৰিলে লতা মংগেশকাৰকো। এই কথাতে পুৰোধা শিল্পীগৰাকীয়ে ৰাণু মণ্ডলক অৰিজিনেল অৰ্থাৎ এককভাৱে সংগীত চৰ্চা কৰাৰ আহ্বান জনায়। পিছে কলিযুগ যিহেতু কোকিলকণ্ঠীৰ এই পৰামৰ্শকো বিপৰীত ধৰণে ল’লে এচামে। আৰম্ভ হ’ল লতা মংগেশকাৰৰো ট্ৰ’লিং!
এজনে আনকি লতা মংগেশকাৰক তেওঁ ঘৃণা কৰে বুলিয়ে কৈ পেলালে! ৰাণু মণ্ডলে নিজে লতা মংগেশকাৰৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া নিদিলেও মানুহে এনেকৈ তেওঁৰ হৈ উকালতি কৰি আছে।
দৰাচলতে, এটা নিউজ এজেন্সীক দিয়া সাক্ষাৎকাৰত লতা মংগেশকাৰে ৰাণু মণ্ডল সন্দৰ্ভত কিছু মতামত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল,
উল্লেখযোগ্য যে ৰাণু মণ্ডলে হিমেশ ৰেশামিয়াৰ সৈতে এইপৰ্যন্ত তিনিটা গীত গাইছে আৰু হিমেশে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা আটাইকেইটা গীতেই যথেষ্ট সমাদৰ লাভ কৰিছে ৰাইজৰ।
Published by: Tulika Devi
FIRST PUBLISHED : September 05, 2019, 13:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|