உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • ‘পুষ্পা’ৰ শ্ৰীৱল্লীত ৰাণু মণ্ডলৰ ডান্স, মানুহে ক’লে – এই ভিডিঅ’ আল্লু অৰ্জুনলৈ লৈ যাব লাগে

    ‘পুষ্পা’ৰ শ্ৰীৱল্লীত ৰাণু মণ্ডলৰ ডান্স, মানুহে ক’লে – এই ভিডিঅ’ আল্লু অৰ্জুনলৈ লৈ যাব লাগে

    ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ত ৰাণুৱে পুষ্পা ছবিৰ গান শ্ৰীৱল্লীত ডান্স কৰা দেখা গৈছে।

    ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ত ৰাণুৱে পুষ্পা ছবিৰ গান শ্ৰীৱল্লীত ডান্স কৰা দেখা গৈছে।

    ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ত ৰাণুৱে পুষ্পা ছবিৰ গান শ্ৰীৱল্লীত ডান্স কৰা দেখা গৈছে।

    • Share this:
    আল্লু অৰ্জুন (Allu Arjun) আৰু ৰশ্মিকা মান্দানা (Rashmika Mandanna)ৰ ছবি পুষ্পা : দ্য ৰাইজ (Pushpa The Rise)ৰ জ্বৰ মানুহৰ মনৰ পৰা এতিয়াও যোৱাই নাই। ছচিয়েল মিডিয়াত ‘পুষ্পা’ৰ গানৰ পৰা সংলাপলৈ খুব ভাইৰেল হৈ পৰিছে। এনে সময়তে পুষ্পাৰ গান শ্ৰীৱল্লীত ৰাণু মণ্ডলৰ ডান্সৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। ছচিয়েল মিডিয়াত ৰাণু মণ্ডলৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে দেখি হাঁহিৰ খোৰাক পাইছে।

    ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ’ত ৰাণুৱে পুষ্পা ছবিৰ গান শ্ৰীৱল্লীত ডান্স কৰা দেখা গৈছে। ৰাণুৰ এই আমোদজনক ভিডিঅ’ত অনুৰাগীসকলে খুব কমেণ্ট কৰিছে। ৰাণুৰ ডান্স ষ্টেপ দেখি হাঁহি ৰখাব পৰা নাই অনুৰাগীয়ে। বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে এই ভিডিঅ’টো আল্লু অৰ্জুনলৈ লৈ যাব লাগে।



    উল্লেখযোগ্য যে এসময়ত ৰে’লৱে প্লেটফৰ্মত গান গাই ৰাণু মণ্ডলে নিশাটোৰ ভিতৰতে ইণ্টাৰনেট ছেনছেচন হৈ পৰিছিল। লতা মংগেশকাৰৰ গান ‘এক প্যাৰ কা নগমা হ্যে’ গীতটো গাই থকা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশামিয়াই নিজৰ ছবিত গান গোৱাৰ সুযোগ দিছিল ৰাণুক। কিন্তু একে নিশাতে তাৰকা স্বৰূপ হৈ পৰা ৰাণু মণ্ডল তাৰ পিছতে অন্তৰ্ধান হৈ পৰিছিল। বিগত বৰ্ষত ৰাণু মণ্ডলৰ ওপৰত ছবি নিৰ্মাণৰ খবৰো পোহৰলৈ আহিছিল। ছবিখনৰ নাম ‘মিছ ৰাণু মাৰিয়া’ আৰু ইয়াৰ নিৰ্দেশনা ঋষিকেশ মণ্ডলৰ।

    বায়’পিকখনত ৰাণু মণ্ডলৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বেংগলী আৰু হিন্দু ছবিত কাম কৰা অভিনেত্ৰী ইশিকা ডেই। ইশিকাক ‘লাল কপ্টান’ আৰু ৱেব ছিৰিজ ‘ছেক্ৰেড গেম্ছ’ত দেখা গৈছে।
    Published by:Sanjay Kumar Das
    First published: