• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Ranu Mandal- গীতেৰে জগত জিনাক পূৰ্বে এইগৰাকী অভিনেতাৰ ঘৰত বনকৰা মহিলা হিচাপে আছিল ৰাণু মণ্ডল, এতিয়া আকৌ কৰিছে কঠোৰ জীৱন সংগ্ৰাম

Ranu Mandal- গীতেৰে জগত জিনাক পূৰ্বে এইগৰাকী অভিনেতাৰ ঘৰত বনকৰা মহিলা হিচাপে আছিল ৰাণু মণ্ডল, এতিয়া আকৌ কৰিছে কঠোৰ জীৱন সংগ্ৰাম

অভাৱ অনাটনৰ মাজতেই এতিয়া ৰাণু মণ্ডলৰ দিন পাৰ  হৈছে। কিন্তু ৰাণু মণ্ডলৰ আনন্দৰ শেষ নাই। মুখত হাঁহি আৰু কণ্ঠত সদায় সুৰ বিৰাজমান।

অভাৱ অনাটনৰ মাজতেই এতিয়া ৰাণু মণ্ডলৰ দিন পাৰ  হৈছে। কিন্তু ৰাণু মণ্ডলৰ আনন্দৰ শেষ নাই। মুখত হাঁহি আৰু কণ্ঠত সদায় সুৰ বিৰাজমান।

অভাৱ অনাটনৰ মাজতেই এতিয়া ৰাণু মণ্ডলৰ দিন পাৰ  হৈছে। কিন্তু ৰাণু মণ্ডলৰ আনন্দৰ শেষ নাই। মুখত হাঁহি আৰু কণ্ঠত সদায় সুৰ বিৰাজমান।

  • Share this:
ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব! একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছচিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পাহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। ৰাণাঘাটৰ ষ্টেচনত বহি লতা মংগেশকাৰৰ "এক প্যাৰ কা নাগমা হে" গানটো গাই চৰ্চালৈ আহিছিল ৰাণু মণ্ডলে (Ranu Mandal)। তেতিয়াই তেওঁ হঠাতে বলীউডত খোজ দিয়াৰ সোণালী সুযোগ পাইছিল। নেটিজেনৰ বদান্যতাত ৰাণু মণ্ডল মায়ানাগৰী মুম্বাইত উপনীত হৈছিল। ৰাণুৱে  পিছত হিমেশ ৰেশমিয়াৰ সৈতে এটা গানো ৰেকৰ্ড কৰিছিল।

অভাৱ অনাটনৰ মাজতেই এতিয়া ৰাণু মণ্ডলৰ দিন পাৰ  হৈছে। কিন্তু ৰাণু মণ্ডলৰ আনন্দৰ শেষ নাই। মুখত হাঁহি আৰু কণ্ঠত সদায় সুৰ বিৰাজমান। বলীউডত এতিয়া সুযোগ নোপোৱাক লৈও আক্ষেপ নাই ৰাণু মণ্ডলৰ। কিন্তু বলীউদৰ ছবিত গীত গাই জনপ্ৰিয় হোৱাৰ পূৰ্বে এগৰাকী অভিনেতাৰ ঘৰত বনকৰা মহিলা হিচাপে আছিল ৰাণু মণ্ডল। কিছুদিন পূৰ্বে এটা ইণ্টাৰভিওত এই কথা জনাইছে ৰাণু মণ্ডলে।

এটা সময়ত ৰাণু মণ্ডলে ছবি নিৰ্মাতা তথা অভিনেতা ফিৰোজ খানৰ ঘৰত বন কৰা মহিলা হিচাপে আছিল। ৰাণুৱে কেৱল ফিৰোজ খানৰ ঘৰত ৰন্ধা বঢ়াই কৰা নাছিল, আনকি ঘৰৰ সকলো কাম কৰিবলগীয়া হৈছিল। সেইসময়ত ৰাণু মণ্ডলে ভালদৰে হিন্দী ক'ব পৰা নাছিল। ৰাণুৱে কোৱা মতে, ফিৰোজ খানৰ পুত্ৰ ফাৰদিন খান আৰু তেওঁৰ খুড়াক সঞ্জয় খানৰো আলপৈচান ধৰিবলগীয়া হৈছিল।
Published by:Himangshu Bhuyan
First published: