உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • ৰাণুৰ অনুৰাগীলৈ ভালখবৰ! দৰ্শকৰ মাজলৈ আহি আছে ৰাণু মণ্ডলৰ বায়পিক, মুখ্য চৰিত্ৰত কোনে কৰিছে অভিনয়?

    ৰাণুৰ অনুৰাগীলৈ ভালখবৰ! দৰ্শকৰ মাজলৈ আহি আছে ৰাণু মণ্ডলৰ বায়পিক, মুখ্য চৰিত্ৰত কোনে কৰিছে অভিনয়?

    ৰাণু মণ্ডলৰ অনুৰাগীৰ বাবে এই মুহূৰ্তত আহিছে এটা ভালখবৰ।  শীঘ্ৰে ছবিগৃহলৈ আহিব ৰানু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি।

    ৰাণু মণ্ডলৰ অনুৰাগীৰ বাবে এই মুহূৰ্তত আহিছে এটা ভালখবৰ।  শীঘ্ৰে ছবিগৃহলৈ আহিব ৰানু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি।

    ৰাণু মণ্ডলৰ অনুৰাগীৰ বাবে এই মুহূৰ্তত আহিছে এটা ভালখবৰ।  শীঘ্ৰে ছবিগৃহলৈ আহিব ৰানু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি।

    • Share this:
    ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব! একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছচিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পাহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। বহুতে এতিয়া ট্ৰোল কৰে ৰাণু মণ্ডলক। তথাপিও গীত গাবলৈ এৰা নাই ৰাণুৱে।

    ৰাণু মণ্ডলৰ অনুৰাগীৰ বাবে এই মুহূৰ্তত আহিছে এটা ভালখবৰ।  শীঘ্ৰে ছবিগৃহলৈ আহিব ৰানু মণ্ডলৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি। পশ্চিমবংগৰ ৰাণাঘাটৰ ৰাণু মণ্ডলৰ কথা পাহৰিব নোৱাৰি। ছবিখনৰ নাম হ'ব মিছ ৰাণু মাৰিয়া। সুদীপ্তা চক্ৰৱৰ্তীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা কথা আছিল।

    কিন্তু এতিয়া ছবিখনত ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিছে ইছিকা দেয়ে। এই সন্দৰ্ভত ইশিকাই কৈছে যে, 'মই তেওঁলোকৰ প্ৰথম পছন্দ নাছিলো। কিন্তু পিছত ছবিখনৰ বাবে মোৰ সৈতে কথা পাতে নিৰ্মাতাগোষ্ঠীয়ে। প্ৰথম অৱস্থাত মোৰ সঁচাকৈয়ে কোনো ধাৰণা নাছিল। ছবিখন বাঙালী ভাষাৰ পৰিৱৰ্তে হিন্দীত নিৰ্মাণ কৰা হৈছে।'

    ছবিখনৰ শ্বুটিং সৰ্বাধিক  ৰাণাঘাট, কলকাতা আৰু মুম্বাইৰ কিছু অংশত কৰা হৈছে। ছবিখনত আংশিকভাৱে বাস্তৱ জীৱনৰ স্থানত কৰা হ'ব। ইতিমধ্যে অভিনেত্ৰী ইশিকাই বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ লগতে 'লাল কপ্তান' আৰু 'চেক্ৰেড গেমছ'কে ধৰি এখন ৱেব শ্ব'ত অভিনয় কৰিছে।

    ইফালে ছবিখনকলৈ এতিয়া উৎসাহি ইশিকা। ছবিখনৰ বাবে ইশিকাই ১০ কিলোগ্ৰাম ওজন হ্ৰাস কৰিবলগীয়া হৈছে। ইফালে ছবিখন এপ্ৰিল, মে মাহত দৰ্শকৰ মাজলৈ আহিব বুলি আশা কৰা হৈছে।
    Published by:Himangshu Bhuyan
    First published: