• Home
  • »
  • News
  • »
  • entertainment
  • »
  • দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ৰণবীৰ কাপুৰৰ ছবি ‘ব্ৰহ্মাস্ত্ৰ’লৈ ডাঙৰ সকাহ; নিষিদ্ধ কৰা হ'ল ১৮টা ৱেবছাইট

দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ৰণবীৰ কাপুৰৰ ছবি ‘ব্ৰহ্মাস্ত্ৰ’লৈ ডাঙৰ সকাহ; নিষিদ্ধ কৰা হ'ল ১৮টা ৱেবছাইট

৯ ছেপ্টেম্বৰত মুক্তি পাব ‘ব্ৰহ্মস্ত্ৰ’ ছবিখন।

৯ ছেপ্টেম্বৰত মুক্তি পাব ‘ব্ৰহ্মস্ত্ৰ’ ছবিখন।

অহা ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলগীয়া এই ছবিখনৰ অবৈধ ষ্ট্ৰীমিং নিষিদ্ধ কৰিছে উচ্চ ন্যায়ালয়ে।

  • Share this:
বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ অভিনীত ছবি ‘ব্ৰহ্মাস্ত্র: পাৰ্ট ৱান-শিৱ’-এ দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে এক বৃহৎ সকাহ। অহা ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলগীয়া এই ছবিখনৰ অবৈধ ষ্ট্ৰীমিং নিষিদ্ধ কৰিছে উচ্চ ন্যায়ালয়ে। আদালতে ১৮টা ৱেবচাইটক চিনেমা চোৱা আৰু ডাউনলোড কৰা, হ’ষ্টিং, ষ্ট্ৰীমিং, পুনৰ সম্প্ৰচাৰ কৰা, কোনো ধৰণে প্ৰদৰ্শন কৰাত বাধা আৰোপ কৰে। ইয়াৰ লগতে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই ১৮টা ৱেবছাইট ব্লক কৰাৰ অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

লাইভ ল’ৰ বাতৰি অনুসৰি, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট অভিনীত ছবিখনৰ সহ-প্ৰযোজক ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ আবেদনত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জ্যোতি সিঙে এই অন্তৱৰ্তীকালীন নিৰ্দেশ গৃহীত কৰে। চিনেমা হলত মুক্তি পোৱাৰ সময়ত ছবিখন অনলাইনত উপলব্ধ হোৱাৰ বাবে ছবি নিৰ্মাতাসকলৰ গুৰুতৰ আৰ্থিক ক্ষতি হোৱাৰ লগতে ছবিখনৰ মূল্যও হ্ৰাস পাব বুলিও আদালতে উল্লেখ কৰে।

উচ্চ ন্যায়ালয়ে নিজৰ আদেশত লগতে কয়, "পাইৰেচী ৰোধ কৰিব লাগে আৰু ইয়াৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰাৰ প্ৰয়োজন আছে বুলি কোৱাৰ কোনো লাভ নাই। ভুৱা ৱেবচাইটৰ দ্বাৰা কপিৰাইটযুক্ত সামগ্ৰী পৰীক্ষা কৰাৰ বিৰুদ্ধে নিষেধাজ্ঞা থাকিব লাগে।

উল্লেখযোগ্য যে হিন্দীৰ বাহিৰেও অহা ৯ ছেপ্টেম্বৰত দেশজুৰি চিত্ৰগৃহত মুক্তি পাব ‘ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান-শিৱ’ তামিল, তেলেগু, কানাড়া, মালয়ালম ভাষাত। ছবিখনৰ পৰিচালনা কৰিছে আয়ান মুখাৰ্জীয়ে। অভিনেতা ৰণবীৰ কাপুৰ, আলিয়া ভাট্ট, মেগাষ্টাৰ অমিতাভ বচ্চন, নাগাৰ্জুন আৰু মৌনি ৰায়ক ‘ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান-শিৱ’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি