• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Ranbir-Alia Net Worth: নতুন জীৱনত ভৰি দিয়া ৰণবীৰ-আলিয়াৰ এতিয়া কিমান কোটিৰ মালিক, বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য

Ranbir-Alia Net Worth: নতুন জীৱনত ভৰি দিয়া ৰণবীৰ-আলিয়াৰ এতিয়া কিমান কোটিৰ মালিক, বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য

ৰণবীৰ কাপুৰে প্ৰতিখন চলচ্চিত্ৰত প্ৰায় ৫০ কোটি টকা আয় কৰে।

ৰণবীৰ কাপুৰে প্ৰতিখন চলচ্চিত্ৰত প্ৰায় ৫০ কোটি টকা আয় কৰে।

ৰণবীৰ কাপুৰে প্ৰতিখন চলচ্চিত্ৰত প্ৰায় ৫০ কোটি টকা আয় কৰে।

  • Share this:

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বিবাহপাশত আবদ্ধ হয়। স্বামী আৰু পত্নী হিচাপে স্বীকৃত ৰণবীৰ আৰু আলিয়া বলীউডৰ জনপ্ৰিয় তাৰকা হিচাপে দৰ্শকসকলক এককভাৱে বহুতো হিট ছবি উপহাৰ দিছে। তেওঁলোক কেৰিয়াৰতো সফল। শেহতীয়াকৈ, বিভিন্ন সূত্ৰই বিবাহৰ পিছত দুয়োজন তাৰকাৰ সম্পত্তিৰ পৰিমাণ প্ৰকাশ কৰিছে। নতুন জীৱনত ভৰি দিয়া ৰণবীৰ-আলিয়াৰ  কিমান কোটি টকা আছে?


ৰণবীৰ-আলিয়াৰ নেট ৱৰ্থ


আলিয়া ভাট এই মুহূৰ্তত বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। কেইদিনমান আগতে তেওঁৰ দুখন ছবি 'গঙ্গুবাই কাঠিয়াবাড়ী' আৰু 'আৰ আৰ আৰ' মুক্তি পাইছিল। দুয়োখন ছবিয়ে বক্স অফিচত বৃহৎ ব্যৱসায় কৰিছে। ইয়াৰ উপৰি অভিনেত্ৰীগৰাকীৰ পাৰিশ্ৰমিকে নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভৱিষ্যতে আলিয়া ভাটৰ হাতত একাধিক প্ৰকল্প আছে। তেওঁক সোনকালেই এটা আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত দেখা যাব। ইয়াৰ উপৰি 'ডাৰ্লিংছ', 'জি লে জাৰা', 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী', 'ব্ৰহ্মাস্ত্ৰ'ৰ দৰে কেইবাখনো চলচ্চিত্ৰ আছে। আনহাতে, ৰণবীৰ কাপুৰৰ চলচ্চিত্ৰৰ তালিকাত 'সঞ্জু', 'বৰফি', 'ৰকষ্টাৰ', 'ৰকেট সিং' আৰু বহুতো ছবিও অন্তৰ্ভুক্ত আছে। ৰণবীৰ কাপুৰক শীঘ্ৰেই 'ব্ৰহ্মাস্ত্ৰ', 'চামছেৰা', 'আনিমোল' আদি চলচ্চিত্ৰত দেখা যাব।


বিভিন্ন তথ্য অনুসৰি, এয়া জনা যায় যে ৰণবীৰ কাপুৰৰ (Ranbir Kapoor) সম্পত্তিৰ মূল্য বৰ্তমান প্ৰায় ৩২০ কোটি টকা বুলি অনুমান কৰা হৈছে। তেওঁ একাধিক বিজ্ঞাপনৰ ব্ৰেণ্ড এম্বেচাডৰ। লগতে পালি হিলত তেওঁৰ মালিকানা থকা ঘৰটোৰ (বাস্তু) মূল্য ৩০ কোটি টকাৰ সমান। ৰণবীৰ কাপুৰে প্ৰতিখন চলচ্চিত্ৰত প্ৰায় ৫০ কোটি টকা আয় কৰে। আনহাতে, যোৱা বছৰ প্ৰকাশ কৰা এক তথ্য মতে, আলিয়া ভাটৰ (Alia Bhat) সম্পত্তিৰ পৰিমাণ আছিল ৫১৯ কোটি টকা। এদিনীয়া প্ৰচাৰমূলক দৃশ্যগ্ৰহণৰ বাবে তেওঁ ২ কোটি টকাকৈ লয়। তেওঁ একাধিক বিজ্ঞাপনৰ ব্ৰেণ্ড এম্বেচেডৰ। এতিয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মুঠ সম্পত্তিৰ মূল্য (Alia Ranbir Net Worth) ৮৩৯ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

Published by:Gautam Barman
First published: