বিয়াৰ পিছতেই আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰে (Ranbir Kapoor Alia Bhatt Wedding) নৱদম্পতি হিচাপে প্ৰথমেই মিডিয়াৰ সন্মুখত ৰাজহুৱাকৈ উপস্থিত হয়। নৱদম্পতীয়ে ফটোৰ বাবে প'জ দিবলৈ হাতত হাত ধৰি উপস্থিত হৈছিল। চাওক ভিডিঅ'-
পাপাৰাজ্জিৰ হৈ পোজ দিয়াৰ পিছত ৰণবীৰ কাপুৰে পত্নী আলিয়া ভাট্টক (Ranbir Kapoor Alia Bhatt Wedding) কোলাত তুলি লোৱাৰ এটা আকৰ্ষণীয় ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
আজি মুম্বাইত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত নৱদম্পতি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টে (Ranbir Kapoor Alia Bhatt Wedding) পাপাৰাজ্জিক শুভেচ্ছা জনাইছিল। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টে তেওঁলোকৰ বিবাহৰ দিনা সব্যসাচীৰ দ্বাৰা ডিজাইন কৰা পোছাক পিন্ধিছিল।
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ এই বিয়া (Ranbir Kapoor Alia Bhatt Wedding) বলীউডৰ দ্বিগ্বজ কাপুৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক বহু প্ৰতীক্ষিত বিবাহ আছিল। বিয়াৰ আগমুহূৰ্তলৈকে ৰাজহুৱা নকৰিলেও বিয়াৰ লগে লগেই মিডিয়াৰ সন্মুখত পতি-পত্নী হিচাপে ধৰা দিয়ে ৰণবীৰ-আলিয়াই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|