মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Nalbari News: ৩৫ টা বছৰে মঞ্চত খলকনি তোলা এইগৰাকী শিল্পীয়ে আজিও নাপালে চৰকাৰৰ পৰা একোকে

Nalbari News: ৩৫ টা বছৰে মঞ্চত খলকনি তোলা এইগৰাকী শিল্পীয়ে আজিও নাপালে চৰকাৰৰ পৰা একোকে

X
Ramesh //

Ramesh Chandra Deka Theatre Artist

আজি কেবল  পুত্ৰ আৰু বোৱাৰীয়ে কৰা শ্ৰদ্ধা, মৰমৰ বাবেই জীৱিত হৈ আছে এই গৰাকী শিল্পী । কিন্তু তেওঁ পাব লগা চৰকাৰী সন্মানখিনিৰ পৰা বঞ্চিত শিল্পীগৰাকীয়ে এতিয়া হতাশ মনে দিন অতিবাহিত কৰিছে ।

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী: জীৱনৰ প্ৰায় ৩৫টা বসন্ত ভ্ৰাম্যমাণ নাট্য দলৰ মঞ্চত অভিনয়েৰে খলকনিৰ সৃষ্টি কৰা এগৰাকী শিল্পী । শিল্পীগৰাকী বাক্সা জিলাৰ বৰমাৰ মেৰকুছিৰ ৰমেশ চন্দ্ৰ ডেকা । কহিনুৰ, ভাগ্যদেৱী, মকুন্দ থিয়েটাৰৰ লগতে অসমৰ কেইবাটাও আগশাৰীৰ নাট্যদলত অভিনয় কৰি সমাদৰ লাভ কৰিছিল এইগৰাকী শিল্পীয়ে।

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ এই গৰাকী শিল্পীয়ে এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈ দুৰ্বিসহ জীৱন নিৰ্বাহ কৰি আহিছে। শিল্পী পেঞ্চনৰ বাবে বহু কেইবাৰ আবেদন নিবেদন কৰিছিল যদিও আজি পৰ্যন্ত শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ লগতে কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই গৰাকী শিল্পীক।

ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি আহি এই গৰাকী শিল্পীয়ে কিছুদিন হোটেল চলাই পোৱা উপাৰ্জনৰ টকাৰে জীৱন নিৰ্বাহ কৰি পৰিয়াল চলাইছিল। সময় বাগৰিল, শিল্পীগৰাকী ডায়বেটিছৰ লগতে ভিন্ন ৰোগত আক্ৰান্ত হোৱাত হোটেল বন্ধ কৰি এতিয়া শয্যাগত হৈ জীৱন অতিবাহিত কৰিব লগা হৈছে।

আজি কেৱল পুত্ৰ আৰু বোৱাৰীয়ে কৰা শ্ৰদ্ধা, মৰমৰ বাবেই জীৱিত হৈ আছে এই গৰাকী শিল্পী। কিন্তু তেওঁ পাব লগা চৰকাৰী সন্মানখিনিৰ পৰা বঞ্চিত শিল্পীগৰাকীয়ে এতিয়া হতাশ মনে দিন অতিবাহিত কৰিছে।

শেহতীয়া বাতৰি