• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Raju Srivastava : ৰাজু শ্ৰীবাস্তৱৰ ICUত কোন সোমাল, হতবাক ডাক্টৰ-পৰিয়াল!

Raju Srivastava : ৰাজু শ্ৰীবাস্তৱৰ ICUত কোন সোমাল, হতবাক ডাক্টৰ-পৰিয়াল!

Raju Srivastava : ৰাজুৰ কোঠাত এজন অচিনাক্ত লোকে কমেডিয়ানজনৰ সৈতে চেলফি তুলিবলৈ প্ৰৱেশ কৰিছিল। কিন্তু পিছত এই ব্যক্তিজনক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আটক কৰে।

Raju Srivastava : ৰাজুৰ কোঠাত এজন অচিনাক্ত লোকে কমেডিয়ানজনৰ সৈতে চেলফি তুলিবলৈ প্ৰৱেশ কৰিছিল। কিন্তু পিছত এই ব্যক্তিজনক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আটক কৰে।

Raju Srivastava : ৰাজুৰ কোঠাত এজন অচিনাক্ত লোকে কমেডিয়ানজনৰ সৈতে চেলফি তুলিবলৈ প্ৰৱেশ কৰিছিল। কিন্তু পিছত এই ব্যক্তিজনক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আটক কৰে।

  • Share this:
নতুন দিল্লীৰ AIIMSত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ (Comedian Raju Srivastava)ক ভৰ্তি হোৱাৰ ১৩ দিনতকৈও অধিক হ’ল। শেহতীয়া খবৰ মতে ৰাজু শ্ৰীবাস্তৱৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে আৰু তেওঁৰ কোঠাৰ বাহিৰত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ডি এন এৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰাজুৰ কোঠাত এজন অচিনাক্ত লোকে কমেডিয়ানজনৰ সৈতে চেলফি তুলিবলৈ প্ৰৱেশ কৰিছিল। কিন্তু পিছত এই ব্যক্তিজনক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আটক কৰে। নিউজ প’ৰ্টেলটোৱে লগতে দাবী কৰিছে যে এই ঘটনাই ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালক স্তম্ভিত আৰু চিন্তিত কৰি তুলিছে।

ৰাজু শ্ৰীবাস্তৱৰ ৯ আগষ্টত হাৰ্ট এটেক হৈছিল আৰু তাৰ পিছত তেওঁক দিল্লীৰ AIIMSত ভৰ্তি কৰা হৈছিল। সেই সময়ত ৱৰ্কআউট কৰি থাকোঁতে হাৰ্ট এটেক (heart attack) হোৱাৰ কথা নিশ্চিত কৰিছে শ্ৰীবাস্তৱৰ দলে। পিছত প্ৰকাশ পায় যে ৰাজুৱে ট্ৰেডমিলত ৱৰ্কআউট কৰি আছিল যেতিয়া ষ্ট্ৰোক (stroke) হৈছিল।

সোমবাৰে শেখৰ সুমনে (Shekhar Suman) শ্ৰীবাস্তৱৰ স্বাস্থ্য আপডেট শ্বেয়াৰ কৰি উল্লেখ কৰে যে কমেডিয়ানগৰাকী এতিয়াও অচেতন হৈ থকাৰ পিছতো তেওঁৰ অংগসমূহে এতিয়া স্বাভাৱিকভাৱে কাম কৰি আছে।

ইয়াৰ পূৰ্বে ৰাজু শ্ৰীবাস্তৱৰ পত্নী শিখা শ্ৰীবাস্তৱে (Shikha Srivastava)ও এক বিবৃতি প্ৰকাশ কৰি সকলোকে আশ্বাস দিয়ে যে তেওঁৰ স্বামীৰ অৱস্থা সুস্থিৰ। “তেওঁ সুস্থিৰ। চিকিৎসকে তেওঁক ভালদৰে চোৱাচিতা কৰি আছে। ৰাজুজী এজন যুঁজাৰু আৰু তেওঁ আমাৰ সকলোৰে মাজলৈ ঘূৰি আহিব। আপোনালোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা আমাক লাগে। মোৰ সদয়ভাৱে আন্তৰিক অনুৰোধ উৰাবাতৰি বিয়পাই নিদিব। ই আমাৰ মনোবলত প্ৰভাৱ পেলায়। আমি ঋণাত্মক শক্তি নিবিচাৰো, আমাক ধনাত্মকতা লাগে। তেখেতৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু সোনকালে ঘূৰি আহিব। ডাক্তৰে নিজৰ শ্ৰেষ্ঠখিনি দি আছে আৰু ৰাজুজীয়ে তেওঁলোকক সহাৰি দিছে, তেওঁ যুঁজি আছে। গতিকে, সদয়ভাৱে নেতিবাচকতা বিয়পাই নিদিব।’-সংবাদ সংস্থা PTIক এইদৰে কয় ছানীয়ে।

কমেডী জগতত জনপ্ৰিয় হৈ পৰা ৰাজু শ্ৰীবাস্তৱ বলীউডৰ অভিনেতা আৰু ৰাজনৈতিক নেতাৰ ৰূপত বহুলভাৱে প্ৰিয়। দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ, কমেডী কা মহা মুকাবালা, কমেডী চাৰ্কাছ, কমেডী নাইটছ উইথ কপিল আদিকে ধৰি কেইবাটাও কমেডী শ্ব’তো তেওঁ অংশগ্ৰহণ কৰিছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি