মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Raj Kundra Case: শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই আদালতৰ পৰা পালে ডাঙৰ সকাহ

Raj Kundra Case: শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই আদালতৰ পৰা পালে ডাঙৰ সকাহ

Raj Kundra four weeks' protection from arrest: ৰাজ কুন্দ্ৰাৰ অগ্ৰিম জামিন যোৱা ২৫ নৱেম্বৰত খাৰিজ কৰা হৈছিল বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰা।

Raj Kundra four weeks' protection from arrest: ৰাজ কুন্দ্ৰাৰ অগ্ৰিম জামিন যোৱা ২৫ নৱেম্বৰত খাৰিজ কৰা হৈছিল বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰা।

Raj Kundra four weeks' protection from arrest: ৰাজ কুন্দ্ৰাৰ অগ্ৰিম জামিন যোৱা ২৫ নৱেম্বৰত খাৰিজ কৰা হৈছিল বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰা।

  • Share this:

বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj kundra)ক পৰ্নগ্ৰাফী গোচৰৰ পৰা সাধাৰণভাৱে সকাহ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে (Supreme Court) ৪ সপ্তাহৰ বাবে আগতীয়া জামিন বিচাৰি থকা কুন্দ্ৰাৰ গ্ৰেপ্তাৰ স্থগিত ৰাখিছে। এই সন্দৰ্ভত মহাৰাষ্ট্ৰ চৰকাৰকো জাননী জাৰি কৰিছে। ৰাজ কুন্দ্ৰাৰ অগ্ৰিম জামিন যোৱা ২৫ নৱেম্বৰত খাৰিজ কৰা হৈছিল বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰা। ইয়াৰ পিছতে তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।


কুন্দ্ৰাই আদালতক কৈছিল যে তেওঁক এই গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল। এইক্ষেত্ৰতো জামিনো মঞ্জুৰ কৰা হৈছিল। আনহাতে এই পৰ্নগ্ৰাফী ভিডিঅ'ৰ দৃশ্যত কোনো এডাল্ট কনটেণ্ট নাছিল বুলিও উল্লেখ কৰে তেওঁ। উল্লেখ্য, পৰ্নগ্ৰাফী সম্পৰ্কত কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু হৈ থকা আন গোচৰৰ প্ৰসংগত পুনৰ গ্ৰেপ্তাৰৰ আশংকাতে কুন্দ্ৰাই আদালতৰ কাষ চাপিছিল।


উল্লেখনীয় যে যোৱা কেইটামান মাহ শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ পৰিয়ালৰ বাবে যথেষ্ট কঠিন সময় আছিল। পৰ্নগ্ৰাফীৰ গোচৰত (shooting and streaming pornographic content) গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজ কুন্দ্ৰাই এতিয়া ৪ সপ্তাহৰ বাবে স্বস্তিৰ নিশ্বাস পেলাইছে। শিল্পা চেট্টীৰ স্বামী কুন্দ্ৰা ৬০ দিনৰ বাবে কাৰাগাৰত আছিল, পিছত আদালতে ৫০,০০০ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰিছিল।


কাৰাগাৰৰ পৰা ঘৰলৈ অহাৰ পিছৰে পৰা ৰাজে এতিয়া লাইমলাইটত থকা ধৰণে জীয়াই থকা নাই। কেৱল সেয়াই নহয়, তেওঁ আৰু শিল্পাৰ সৈতে কোনো পাৰ্টী বা অনুষ্ঠানলৈ নাযায়। কাৰাগাৰৰ পৰা অহাৰ কেইদিনমান পিছত ৰাজে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো বিলোপ কৰিছিল য'ত তেওঁ আগতে সক্ৰিয় আছিল আৰু শিল্পা চেট্টী আৰু পৰিয়ালৰ সৈতে ধেমেলীয়া ভিডিঅ' শ্বেয়াৰ কৰিছিল।


কিছুদিন আগতে ৰাজক শিল্পাৰ সৈতে বিমানবন্দৰত দেখা গৈছিল। অৱশ্যে এই সময়ছোৱাত তেওঁ শিল্পাৰ সৈতে নহয়, পৃথকে খোজ কাঢ়ি আছিল। কেৱল সেয়াই নহয়, ৰাজে সেই সময়ত মুখ লুকুৱাই ৰাখিছিল।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি